মানৱ কল্যাণ বহুমুখী সমবায় সমিতিয়ে হোজাইত মুকলি কৰিলে ইয়াৰ অন্নপূৰ্ণাৰ প্ৰথমটো গোট

Annapurna-1-570x320

সহকাৰ ভাৰতীৰ সহযোগত মানৱ কল্যাণ বহুমুখী সমবায় সমিতিয়ে দেওবাৰে হোজাইৰ লালপট্টি এনএছচিবি ৰোডত তেওঁলোকৰ অন্নপূৰ্ণাৰ প্ৰথমটো গেলামালৰ গোট মুকলি কৰে।

মুকলি অনুষ্ঠানত উপস্থিত থকা সহকাৰ ভাৰতীৰ হোজাই জিলাৰ সভাপতি শংকৰ প্ৰসাদ ৰয়ে কয়, ‘’ সহকাৰ ভাৰতীৰ সহযোগত ২০১৬ চনত মানৱ কল্যাণ বহুমুখী সমবায় সমিতি লিমিটেড আৰম্ভ হৈছিল। আৰম্ভণিৰে পৰা আমাৰ উদ্দেশ্য হৈছে আৰ্থিকভাৱে পিছ পৰা সকলক শক্তিশালী কৰি তোলা।‘’

তেওঁ লগতে জনায় যে তেওঁলোকৰ অংশীদাৰিত্বত আছে হকাৰ, কৃষক, ঠেলা চালক, ৰিক্সা চালক, শ্ৰমিক ইত্যাদি। ‘’আনকি কিছুমান আৰ্থিকভাৱে স্বচ্ছল লোকো আমাৰ সদস্য,’’-ৰয়ে কয়।

ৰয় লগতে কয়,’’ বৰ্তমান ৯ খন পঞ্চায়তকে ধৰি হোজাই নগৰত আমাৰ ৫৫০ গৰাকী অংশীদাৰ আছে। আমাৰ অংশ ক্ৰয় সকলোৰে বাবে বহনযোগ্য। প্ৰতিটো অংশদাৰিত্ব ২৫০ টকাৰ পৰা আৰম্ভ হয় আৰু কোনোৱে সৰ্বাধিক ১০,০০০ টকাৰ অংশীদাৰিত্ব ক্ৰয় কৰিব পাৰে।‘’

‘’আমাৰ হোজাইত ১৮ টা আত্ম সহায়ক গোট আছে আৰু এই গোটটোৰে  আত্মসহায়ক গোটসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন মঞ্চ লাভ কৰিব,’’- ৰয়ে কয়।

সহকাৰ ভাৰতীৰ হোজাই জিলাৰ সম্পাদক সুদীপ দেবে কয়, ‘’ আমি ভৱিষ্যতে ব্যক্তিসকলৰ পৰিয়ালৰ আয়ৰ প্ৰতি লক্ষ্য ৰাখি অন্নপূৰ্ণাত গেলামালৰ সামগ্ৰীসমূহ বজাৰৰ মূল্যতকৈ সুলভ মূল্যত দিয়াৰ পৰিকল্পনা কৰিছো।‘’

মানৱ কল্যাণ বহুমুখী সমবায় সমিতি লিমিটেডৰ সভাপতি উমা শংকৰ গোস্বামীয়ে কয়, ‘’ আমাৰ সমিতিৰ লভ্যাংশ কেৱল সদস্যসকলৰ মাজতে সীমাবদ্ধ নহয়। আমাৰ সমাজৰ কল্যাণমূলক কামৰ বাবে আৰু অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে সুকীয়া পুঁজি আছে।‘’

‘’সমিতিয়ে লগতে ইয়াৰ অংশীদাৰসকলক ঋণ দিয়ে যাতে এই ধন উৎপাদনমূলক কামত ব্যহাৰ কৰি তেওঁলোকে নিজৰ আয় বৃদ্ধি কৰিব পাৰে,’’-গোস্বামীয়ে লগতে কয়।