• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত অংগনৱাড়ী কেন্দ্ৰত অবৈধ নিযুক্তিৰ প্ৰতিবাদত জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান ৰাইজৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 27, 2018 8:13 pm
Anganwadi-centre_Morigaon_closed-600x399

প্ৰতিনিধিত্বমূলক ফটো

535
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ইনথেম গাওঁ পঞ্চায়তৰ অধীনৰ নগাপথাৰৰ দুই নং ৱাৰ্ডৰ নগাপথাৰ অংগনৱাড়ী কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰা খালি হৈ থকা কৰ্মী পদটোত নিযুক্তিক লৈ ব্যাপক খেলি-মেলিৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজৰ অভিযোগ মতে, অংগনৱাড়ী কেন্দ্ৰটোত যোৱা ৭/৮ মাহ ধৰি কৰ্মীগৰাকী অসুস্থ বৈ থকাত সহায়িকাগৰাকীয়েই শিশুসকলক পাঠদান কৰি আহিছে। সহায়িকাগৰাকীক এই ক্ষেত্ৰত সহযোগ কৰি আহিছে স্থানীয় ২/৩ গৰাকী শিক্ষিত মহিলাই।

স্থানীয় মহিলাকেইগৰাকীয়ে বিগত কেইবা মাহ ধৰি কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ নিৰ্দ্দেশ মতে কণ কণ শিশুসকলক পাঠদান কৰি অহাৰ লগতে বিভিন্ন সেৱা আগবঢ়াই আহিছে। অন্যহাতে ২০০২ চনৰ ৩ ফেব্ৰুৱাৰি মাহতেই কৰ্মত যোগদান কৰা পূৰ্বৰ কৰ্মী নগাপথাৰ নিবাসী আশংকা উম্বন ফুকনে শিক্ষাদানৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষলৈ ত্যাগপত্ৰ প্ৰেৰণ কৰাত বিভাগীয় কাৰ্যালয়েও কৰ্মী গৰাকীৰ ত্যাগপত্ৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহ ধৰি উক্ত পদটো খালি হৈ আছে।

সেইমৰ্মে স্থানীয় কেইগৰাকীমান শিক্ষিত মহিলাই অংগনৱাড়ী কেন্দ্ৰটোত খালি হৈ থকা পদটোৰ বাবে সংহত শিশু বিকাশ কেন্দ্ৰ বিষয়াগৰাকীক আবেদন জনোৱাৰ পাছত বিষয়াগৰাকীয়ে যথা সময়ত বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হব বুলি কৈ তেওঁলোকক ওভোতাই পঠিয়ায়।

এনেদৰে বহু মাহ অতিক্ৰম কৰাৰ পাছত হঠাৎ কেইদিন মান আগতে এলেকাটোৰ বাহিৰৰ সংগীতা ৰায় নামৰ এগৰাকী মহিলাই  নিযুক্তি পত্ৰ লৈ অংগনবাদী কেন্দ্ৰটোত যোগদান কৰিবলৈ অহাত স্থানীয় একাংশ মহিলাই বাধা প্ৰদান কৰি ঘুৰাই পঠায় বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী দিপ্তী মহনে জানিবলৈ দিয়ে।

কাকপথাৰ আৰু মাৰ্ঘেৰিটা কেন্দ্ৰৰ দায়িত্বত থকা লীনা সোণোৱাল নামৰ চি.ডি.পি.অ. গৰাকীয়ে অবৈধ বুজা বুজিৰে নিযুক্তিপত্ৰ প্ৰদান কৰা বুলি অভিযোগ তুলিছে স্থানীয় একাংশ মহিলাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে।

এই বিষয়ত হস্তক্ষেপ কৰি উচিৎ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৩০ গৰাকীৰো অধিক মহিলাৰ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ মাৰ্ঘেৰিটা বিধান সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলা উপায়ুক্ত, মাৰ্ঘেৰিটা মহকুমাধিপতি, সংহত শিশু বিকাশ কেন্দ্ৰ, জিলা সমাজ কল্যাণ বিষয়া, পেঙেৰী আৰক্ষী থানা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিলৈ পৃথকে পৃথকে পৃথকে প্ৰেৰণ কৰা হৈছে।

স্মাৰকপত্ৰখনত অঞ্চলটোৰ বাহিৰৰ এগৰাকী মহিলাক নীতি বহিঃভূত কেনেকৈ নিযুক্তি দিলে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে এগৰাকী আৰ্থিকভাৱে স্বচ্ছল মহিলাক গোপন বুজাবুজিৰে নিযুক্তি দিয়া বুলি অভিযোগ কৰিছে স্থানীয় মহিলা সকলে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক আহ্বান জনাইছে। অন্যথা ইনথেম অঞ্চলৰ স্থানীয় মহিলাসকলে আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd