মিজোৰামত পালন কৰা হৈছে পৰম্পৰাগত উৎসৱ চাপচাৰ কুট

Mizo-woman-570x320

চাপচাৰ কুটত অংশ লৈছে মিজো যুৱ প্ৰজন্মই

মিজোসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰম্পৰাগত উৎসৱ চাপচাৰ কুট সমগ্ৰ মিজোৰামতে বৃহস্পতিবাৰে উলহ মালহেৰে পালন কৰা হৈছে। আইজলত এ আৰ গ্ৰাউণ্ডত উৎসৱৰ মহা আয়োজন কৰা হৈছে।

মিজোৰামৰ কলা আৰু সাংস্কৃতিক মন্ত্ৰী আৰ ৰোমাইয়া প্ৰথম দিনৰ উদযাপনত ‘কুট পা’ বা উৎসৱটোৰ পিতৃ আছিল। আনহাতে, কলা আৰু সাংস্কৃতিক বিভাগৰ সল্চালক আৰ হামিংথানজুৱালা আছিল কুট থেলেংটু’ বা উৎসৱৰ আয়োজক।

এই বছৰ চাপচাৰ কুটৰ বিষয়বস্তু হৈছে ‘ছেম ছেম ডাম ডাম, এই বিল থি বিল’ এই মিজো কথা ফাকিৰ অৰ্থ হ’ল ‘’জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক।‘’

ডেকাৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰেণীৰ লোকে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজৰ নিজৰ ঠাইত অনুষ্ঠিত উৎসৱস্থলীত উপস্থিত হয় য’ত দিনজোৰা কাৰ্যসূচীৰে উলাহেৰে উৎসৱটি পালন কৰা হৈছে।

আইজলৰ এ আৰ গ্ৰাউণ্ডত আয়োজিত চাপচাৰ কুট উৎসৱৰ অনুষ্ঠানত ভাষণ দি কুট পা আৰ ৰোমাৱাইয়ে কয় যে চাপচাৰ কুটে মিজো জনগোষ্ঠীসকলৰ মাজত একতা আৰু ভাতৃত্ববোধ শক্তিশালী কৰি তুলিব।

তেওঁ কয় যে চাপচাৰ কুটৰ বিষয়বস্তু আছিল মিজোসকলৰ প্ৰকৃত সংস্কৃতি আৰু নৈতিক আচৰণ যিটো নতুন প্ৰজন্মই ধৰি ৰাখিব লাগিব আৰু জীয়াই ৰাখিব লাগিব।

মিজোৰামক এখন সুন্দৰ বাসোপযোগী স্থান হিচাপে গঢ়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কুট পা গৰাকীয়ে কয় যে মিজোৰামক এখন আৰামদায়ক বাসস্থান হিচাপে গঢ়ি তুলিবলৈ প্ৰতিজন মিজোৰে দায়িত্ব আছে আৰু ইয়াৰ বাবে সকলোৰে নিষ্ঠা আৰু সততা থকা উচিত।

আইজলৰ এ আৰ গ্ৰাউণ্ডত আয়োজিত চাপচাৰ কুট উৎসৱত পৰম্পৰাগত সংগীত আৰু গানৰ তালে তালে শিল্পীসকলে নৃত্য কৰে। আনহাতে, চেৰ’, ভাপুৱাল লাম, ছালু লাম, ছাৰলামকাই, চাই, পাৰলাম, ৰাল্লু লামকে ধৰি জনপ্ৰিয় নৃত্যসমূহ বিভিন্ন সাংস্কৃতিক দলে প্ৰদৰ্শন কৰে।

চাপচাৰ কুট উদযাপনৰ অংশ হিচাপে কলা প্ৰদৰ্শনী, যাদুঘৰ প্ৰদৰ্শনী,ফটো প্ৰদৰ্শনী, পুষ্পমেলা, খাদ্যমেলা আৰু হস্ততাঁত মেলা আদিৰ আয়োজন কৰা হৈছে।

ম্যানমাৰ, বাংলাদেশ,ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ৰ পৰা অহা মিজোমূলৰ লোকসকলেও এই উৎসৱত অংশগ্ৰহণ কৰিছে।

আইজলৰ বাহিৰেও মিজোৰামৰ বিভিন্ন প্ৰান্তত চাপচাৰ কুট উৎসাহ উদ্দীপনাৰে সৈতে পালন কৰা হৈছে।