• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিজোৰাম-অসম সীমান্তত উত্তপ্ত পৰিস্থিতি : অসম আৰক্ষীৰ লাঠীচালনাত মিজো ছাত্ৰ সংস্থাৰ সদস্য, সাংবাদিককে ধৰি আহত ১৫ জন

সংযুৱালা মাৰ by সংযুৱালা মাৰ
March 8, 2018 8:53 pm
assam police lathicharge in mizoram-assam border

ঘটনাথলীত অসম আৰক্ষী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰাম-অসম সীমান্তৰ বিবদমান এলেকাত অসম আৰক্ষীৰ লাঠীচালনাত আজি বৃহস্পতিবাৰে আহত হৈছে মিজো সৰ্বোচ্চ ছাত্ৰ সংগঠন মিজো জিৰলাই পল (Mizo Zirlai Pawl)ৰ সদস্য আৰু দুজন মিজো সাংবাদিককে ধৰি ১৫ জন লোক।

মিজোৰামৰ কলাচিব জিলাৰ অসম-মিজোৰাম সীমান্তৰ কাষৰীয়া বাইৰাবি চহৰৰ ওচৰৰ বিবদমান এলেকাত মিজো ছাত্ৰ সংস্থাৰ প্ৰায় ৭০ গৰাকী সদস্যই আজি পুৱা এটা জিৰণি চ’ৰা নিৰ্মাণ কৰিবলে চেষ্টা কৰোঁতে অসম আৰক্ষীয়ে বাধা প্ৰদান কৰি লাঠীচালনা কৰে।

অসম আৰক্ষীৰ মাৰত আহত মিজো যুৱক

আৰক্ষীৰ লাঠীচালনাত ঘটনাথলীত উপস্থিত প্ৰায় ২০ গৰাকী লোক আহত হয়। আহতসকলৰ ১৫ গৰাকীক কাষৰীয়া বাইৰাবিৰ ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়।

হাইলাকান্দিৰ জিলা দণ্ডাধীশে এলেকাটোত ১৪৪ ধাৰা জাৰি কৰি মিজো ছাত্ৰসকলক বাধা দিবলৈ অসম আৰক্ষীৰ প্ৰায় ৫০০ গৰাকী জোৱান নিয়োগ কৰিছিল।

উল্লেখযোগ্য যে স্থানীয় গঞাৰ সহযোগত ছাত্ৰ সংগঠনটোৱে যোৱা ২৭ ফেব্ৰুৱাৰিত নিৰ্মাণ সম্পূৰ্ণ কৰা চ’ৰাটো সেই ৰাতিয়ে অসম আৰক্ষী আৰু অসমৰ বন বিভাগৰ লোকে ভাঙি দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল।

অসম আৰক্ষীৰ লাঠীচালনাক লৈ উত্তেজনাপূৰ্ণ হৈ পৰিছে মিজোৰামৰ বাইৰাবি চহৰৰ পৰিস্থিতি। ‘জিৰণি চ’ৰাটো পুনৰ নিৰ্মাণ নোহোৱালৈকে বা মিজোৰাম আৰু অসম চৰকাৰে বিষয়টো প্ৰশাসনীয় মেজলৈকে ননালৈকে আমি ঘৰলৈ নোভতো’ বুলি ঘোষণা কৰিছে মিজো ছাত্ৰ সংস্থাৰ নেতা এল ৰামদিনলিয়ানা ৰেন্থেলেই।

‘জিৰণি চ’ৰাটো পুনৰ নিৰ্মাণ নকৰালৈকে আমাৰ অধিকাৰ থকা সেই মাটিডোখৰতে আমি শিবিৰ পাতি থাকিম’ বুলি ঘোষণা কৰি মিজো ছাত্ৰ নেতাজনে কয়, ‘ঠাইডোখৰৰ বাবদ মিজোৰাম চৰকাৰক সম্পূৰ্ণ ভূমি ৰাজহ আৰু কৰ দি থকা হৈছে যিটোৱে প্ৰমাণ কৰে যে ই মিজোৰামৰ (অন্তৰ্গত)।’

তেওঁ লগতে কয়, ‘বৃটিশ্ব শাসনে আন্তঃৰাজ্যিক বনাঞ্চলসমূহক জন নিষিদ্ধ অঞ্চল (no man’s land) হিচাপে ৰাখিছিল যাতে মিজো জনজাতিসকল ভৈয়ামৰ আগ্ৰাসী লোকসকলৰ সৈতে সংমিশ্ৰিত হোৱাৰ পৰা ৰক্ষা পৰে। এতিয়া অসম আৰক্ষী আৰু বন বিভাগে চব ঠাইতে সংৰক্ষিত এলেকাসমূহ বেদখল কৰি সেইবোৰ তেওঁলোকৰ বুলি দাবী কৰিছে।’

বিষয়টোক লৈ এতিয়ালৈকে মিজোৰাম চৰকাৰ মুখ খোলা নাই। পৰিস্থিতিত অধিক বেয়াৰ ফালে ঢাল খোৱাৰ আশংকাত মিজোৰামৰ গৃহ মন্ত্ৰীয়ে মিজো ছাত্ৰ সংগঠনটোৰ নেতাসকলক জিৰণি চ’ৰাটো পুনৰ নাসাজিবলৈ আহ্বান জনাইছে।

মিজোৰামৰ প্ৰথম গৰাকী মুখ্য মন্ত্ৰী চ চুংগাৰ পত্নীয়ে ছাত্ৰ সংগঠনটোক দান দিয়া উক্ত খেতি পথাৰখনত খেতিয়কসকলৰ জিৰণিৰ বাবে সংগঠনটোৱে জিৰণি চ’ৰাটো নিৰ্মাণ কৰিছিল।

মিজোভাষী সকলো জাতীয় ছাত্ৰ সংগঠন ১৯৩৫ চনত শ্বিলঙত প্ৰতিষ্ঠা হোৱা মিজো জিৰলাই পলৰ অন্তৰ্গত। এই মিজো জিৰলাই পল নেছ’ (North-East Students’ Organisation)ৰ সদস্য।

সংযুৱালা মাৰ

সংযুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd