মিত্ৰতাৰ মৰ্যাদা লাভ কৰা নাই অগপই : অভিযোগ মন্ত্ৰী কেশৱ মহন্তৰ

Keshab Mahanta

অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। ফাইল ফটো

মিত্ৰতাৰ প্ৰকৃত মৰ্যাদা লাভ কৰা নাই অগপ দলে।বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কৌশলৰে মিত্ৰ দলসমূহক একাষৰীয়া  কৰি চৰকাৰী কাৰ্য্যসূচীৰ লগতে সভা-সমিতিসমূহ গেৰুৱাকৰণ কৰিছে। চৰকাৰী কাম-কাজসমূহত বিজেপি দলে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰহে প্ৰয়াস চলাইছে।

তাৎপৰ্যপূৰ্ণভাৱে শুকুৰবাৰে তেজপুৰৰ অগপৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত অবিভক্ত দৰং জিলাৰ পাঁচখন জিলা সমিতিৰ এক দলীয় সতীৰ্থ সন্মিলনত এনেদৰে মন্তব্য কৰে দলৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

মহন্তই মিত্ৰজোঁটৰ চৰকাৰখনৰ সৈতে মিত্ৰতা যিকোনো সময়তে ভংগ হোৱাৰ আশংকা প্ৰকট হৈ পৰা বুলিও ব্যক্ত কৰে। তেওঁ কয়, ‘’কোন সময়ত মন্ত্ৰীৰ আৱাসৰ পৰা টালি টোপোলা বান্ধিব লাগে তাৰ ঠিকনা নাই। গতিকে মই আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এতিয়াও বিধায়ক আৱাস এৰা নাই।‘’

২০১৬ চনত অসম গণ পৰিষদ দল শক্তিহীন আছিল বুলি স্বীকাৰ কৰি মহন্তই শক্তি আহৰণৰ কাৰণেই বিজেপিৰ লগত অগপই মিত্ৰতা কৰিছিল বুলি সদৰী কৰে।  মিত্ৰতাৰ প্ৰকৃত মৰ্যাদা অগপ দলে লাভ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰী আঁচনিসমূহৰ সুবিধা দলৰ কৰ্মীসকলে লাভ কৰাত বাধা প্ৰদান কৰি অহাৰ লগতে দলৰ বিধায়ক নথকা সমষ্টিসমূহত অগপ দলৰ নেতা-কৰ্মীসকল অসুবিধাৰ সন্মুখীন হৈ আহিছে।

অগপৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে আমাৰ মিত্ৰতা কেৱল চৰকাৰতহে আছে তৃণমূল পৰ্যায়ত মিত্ৰতাৰ কোনো প্ৰভাৱ নাই। এই কথা  আমি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো জনাই দিছিলো।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় নেতা-কৰ্মীসকলক প্ৰাৰ্থী নিৰ্বাচনকে ধৰি সম্পূৰ্ণভাৱে প্ৰস্তুত হ’বলৈ আহ্বান জনাই মহন্তই কয় যে পূৰ্বৰ সিদ্ধান্তকে বাহাল ৰাখি অগপ দলে পঞ্চায়ত নিৰ্বাচন অকলে খেলিব।

অগপ দলৰ উপ-সভাপতি প্ৰবীন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষণ দি অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে কয় যে ৩০ জুলাইত প্ৰকাশিত হ’বলগীয়া এন আৰ চিৰ তালিকাত যি সকল অবৈধ ভাৰতীয় হিচাপে চিহ্নিত হয় তেওঁলোক অসমৰপৰা যাবই লাগিব। হিন্দু হওক কিম্বা মুছলমানেই হওক, অবৈধ বিদেশীক কেতিয়াও অসমত থাকিবলৈ দিয়া নহ’ব।