মিনার্ভাৰ হাতত ১-০ ত পৰাজয় : ঘৰুৱা খেলপথাৰৰ সুযোগ আৰু দৰ্শকৰ সমৰ্থন অথলে নিয়ালে লাজঙে

ঘৰুৱা খেলপথাৰত ঘৰুৱা দৰ্শকৰ উষ্ণ সমৰ্থনৰ মাজত খেলাৰ সুযোগ পায়ো জয় আনিব নোৱাৰিলে লাজঙে। কালি দলটোৱে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলেও শেষত লীগৰ শীৰ্ষস্থানৰ দল মিনাৰ্ভাৰ হাতত আই লীগৰ খেলখনত পৰাজয় হয় নিম্নতম ব্যৱধানত।

ঘৰুৱা খেলপথাৰত প্ৰথমৰ পৰাই উজ্জীৱিত খেল দেখুওৱা লাজঙে প্ৰথম মিনিটতে এটা সুযোগৰ সৃষ্টি কৰিছিল। কিন্তু তেওঁলোকৰ নিষ্প্ৰভ ষ্ট্ৰাইকাৰ আল হাগ্ৰিয়ে সেয়া অথলে নিয়ায়। পেনাল্টি বক্সৰ ভিতৰত পোৱা এটা পাছ তেওঁ সঠিকভাৱে আয়ত্ত কৰিব নোৱাৰিলে।

আনহাতে পুনৰ ১৮ মিনিটত লাজঙত খেলা অসমৰ ষ্ট্ৰাইকাৰ এলেন দেউৰীৰ সন্মুখত আন এটা সুযোগ উলাইছিল যদিও সেইটোও গ’লত পৰিণত নহ’ল। ফলত প্ৰথম অৰ্ধৰ খেল কোনো গ’ল নোহোৱাকৈয়ে পাৰ হ’ল। প্ৰথম অৰ্ধৰ খেলত লাজঙেই প্ৰভাৱ বিস্তাৰ কৰি আছিল।

কিন্তু দ্বিতীয়টো অৰ্ধত প্ৰথমৰ পৰাই মিনাৰ্ভাই অধিক আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰিবলৈ ধৰিলে। ধাৰাবাহিক চেষ্টাৰ অন্তত তেওঁলোকে ৫৮ মিনিটত একমাত্ৰ সফলতাটো পায়। দলটোৰ ভূটানীজ মিড ফিল্ডাৰ চেনচো গিল্টচেনে দিয়া এটা সময়োপযোগী পাছ ঘানাৰ ষ্ট্ৰাইকাৰ ৱিলিয়াম অ’প’কুৱে নিৰ্ভুলভাৱে কাৰ্যকৰী কৰে।

গ’ল খোৱাৰ পিছত অধিক আক্ৰমণাত্মক হৈ পৰা লাজঙে পিছতো একাধিক সুযোগ পাইছিল। কিন্তু তথাপি তেওঁলোকৰ ভাগ্য মুকলি নহ’ল। গ’ল খোৱাৰ ঠিক পিছৰ দুই মিনিটৰ ভিতৰতে লাজঙৰ আইভৰি কষ্টৰ ষ্ট্ৰাইকাৰ আব্দুলাৰ দুটাকৈ প্ৰচেষ্টা মিনাৰ্ভাৰ ডিফেণ্ডাৰসকলে ব্যৰ্থ কৰে। আব্দুলাৰ এটা গ’লমুখী হেডিং মিনাৰ্ভাৰ ডিফেণ্ডাৰ দগৰে কোনোমতে প্ৰতিহত কৰি কৰ্নাৰলৈ পৰিৱৰ্তিত কৰে। পুনৰ ৮০ মিনিটত লাজঙে আন এটা সুযোগৰ সৃষ্টি কৰিছিল। কিন্তু সেইবাৰো দগৰে বচাই দিয়ে মিনাৰ্ভাক।

আজি গোটেই খেলখনত মিনাৰ্ভাৰ ৰক্সিট দগৰে এখন ৱাল হৈ থিয় দিয়াৰ দৰে ভূমিকা লয়, যাৰ বাবে ঘৰুৱা দলটো হতাশ হ’ব লগীয়া হয়।

আজিৰ খেলৰ পৰিণামস্বৰূপে লীগত মিনাৰ্ভাৰ শীৰ্ষস্থান অটুট থাকিল। আনহাতে বছৰটোৰ প্ৰথমটো পৰাজয়ৰ সোৱাদ পালে লাজঙে।