মুকেশ হুণ্ডাইৰ ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে তিনিখনকৈ এজাহাৰ দাখিল দিচপুৰ থানাত

তলতীয়া কৰ্মচাৰী এজনক কাণত ধৰাই আঁঠু কঢ়াই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি পৈশাচিক প্ৰদৰ্শনকামিতা দেখুওৱা মুকেশ হুন্দাইৰ পৰিচালন সঞ্চালক ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে দিচপুৰ আৰক্ষী থানাত দাখিল হৈছে তিনিখনকৈ পৃথক এজাহাৰ।

সদৌ অসম অট’মবাইল শ্ৰমিক সন্থা, অৰ্কিড ইণ্ডিয়া আৰু ৰামৰ সেনা নামৰ তিনিটা সংস্থাই আজি ৫ জুলাইত এই এজাহাৰ কেইখন দাখিল কৰিছে।

‘অসমীয়া যুৱকৰ ওপৰত পুঁজিপতিৰ নিৰ্য্যাতনৰ বিৰুদ্ধে আমি সংগ্ৰাম চলাই আহিছো। ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে আমি দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছো,’ ঘটনাটোৰ গৰিহণা দি মন্তব্য শ্ৰমিক সংগঠনটোৰ সভাপতি প্ৰণৱ গগৈৰ।

আনহাতে ঘটনাটো মানৱাধিকাৰৰ চূড়ান্ত উলংঘন ৰূপে অভিহিত কৰি এজাহাৰ দাখিল কৰিছে অৰ্কিদ ইণ্ডিয়াৰ সঞ্চালক ঋষিৰাজ হাজৰিকাই।

অসমৰ বিৰোধী দলপতি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই পূৰ্বে অসম আৰক্ষীক নিজাববীয়াকে ব্যৱস্থা গ্ৰহণ (suo moto) কৰিবলৈ আহ্বান জনাইছিল।

ঘটনাটোক লৈ অসমত আজি ছ’চিয়েল মিডিয়াতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।