মুখ্য মন্ত্ৰী সোণোৱালৰ বাসভৱনলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে চৰকাৰৰ উন্নয়নৰ স্বৰূপ

sonowal-road-pic-570x320

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়স্থিত বাসভৱনলৈ যোৱা পথটোৰ মাজত হোৱা খালসমূহত পানী জমা হৈ মাছ জীয়াব পৰা অৱস্থাৰ সৃষ্টি হৈছে। বিগত কেইটামান বছৰ ধৰি মেৰামতি নকৰাৰ ফলত ঠায়ে ঠায়ে গাঁতৰ সৃষ্টি হোৱাত বছৰৰ পৰা বছৰ ধৰি মুখ্য মন্ত্ৰীৰ বাসভৱনলৈ যোৱা ১নং লখিনগৰ পথটো অত্যন্ত জৰাজীৰ্ণ হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে।

সোণোৱাল মুখ্য মন্ত্ৰী হ’ল কিন্তু পথটো জৰাজীৰ্ণ হৈয়েই থাকিল। বাৰিষাৰ আগে আগে অহা বৰষুণজাকত পথটোৰ অৱস্থা আৰু শোচনীয় হৈ পৰিছে। ইয়াৰে বাসিন্দাসকলে আৰু স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাই পথটো সম্পৰ্কে অভিযোগ কৰি আহিছে যদিও মেৰামতি কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে মুখ্য মন্ত্ৰীৰ বাসভৱনৰ ওচৰত থকা অংশখিনি পকী কৰা হৈছে যদিও বাকীখিনি পথ বোকাময় হৈ থাকিবলৈ এৰি দিয়া হৈছে।

লখিনগৰৰ বাসিন্দা গোবিন চাংমায়ে গৈছে, ‘‘বহুত আশা কৰি আমি সৰ্বানন্দ সোণোৱালক ক্ষমতালৈ আনিবলৈ ভোট দিছিলোঁ। কিন্তু আমি এনে এজন লোকক পালোঁ যি নিজৰ বাসগৃহলৈ যোৱা এচোৱা পথৰো মেৰামতি ৰকৰিব নোৱাৰে। ইয়েই তেওঁৰ অক্ষমতাৰ সৰ্বোৎকৃষ্ট উদাহৰণ।’’

চাংমায়ে আৰু কৈছে যে ইয়াৰ পূৰ্বেও তেওঁলোকে বহুবাৰ স্থানীয় বিধায়ক বৰুৱাক সাক্ষাত কৰি পথচোৱা মেৰামতি কৰাৰ বাবে অনুৰোধ কৰিছিল যদিও সেয়া কেতিয়াও হৈ নুঠিল। প্ৰত্যেক বছৰ বাৰিষা একেই অৱস্থা হৈ আহিছে পথচোৱাত। এজাক বৰষুণতেই পথচোৱাত অহা-যোৱা কৰাটো দুৰূহ হৈ পৰে।

লখিলগৰ উন্নয়ন সমিতি আৰু আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰে অভিযোগ কৰিছে যে উক্ত পথচোৱাত এটাও ষ্ট্ৰীট লাইট নথকা বাবে ৰাতি অহা যোৱা কৰিবলৈ অসুবিধা পাই আহিছে।

ৰাজকোঁৱৰে আৰু কয় যে বাৰিষা কালত পথচোৱাৰ অ’ত ত’ত পানী জমা হৈ থাকে। বৰষুণৰ বতৰত খোজ কঢ়াটো দূৰৰ কথা আনকি তাত মটৰ-চাইকেল এখনো চলাই যাব পৰাৰ অৱস্থা নাথাকে। এই মানুহৰ অগম্য পথচোৱাত অৱশ্যে এতিয়ালৈকে কোনো লোকে তাত মাছ জীওৱা নাই যদিও পথচোৱাত হোৱা গাঁত কেইটাত জমা হোৱা পানীত ৰং মনে সাঁতুৰিবলৈ ভয় কৰা নাই স্থানীয় বাসিন্দাসকলৰ পোহনীয়া হাঁহকেইটামানে।

তেওঁ কয় যে বিজেপি চৰকাৰে জনসাধাৰণৰ আশা পূৰ্ণ কৰিব পৰা নাই। তেওঁলোকে উন্নয়নৰ ফুলজাৰী মাৰে কিন্তু একো কৰিব পৰা নাই।

ৰাজকোঁৱৰে দুখ প্ৰকাশ কৰি কয় যে পৰিৱৰ্তনৰ আশাত জনসাধাৰণে বিজেপিক ভোট দিছিল যদিও সেয়া হৈ নুঠিল।