• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুগা চিল্ক সামগ্রীৰ বিকাশত লোৱা ভূমিকাৰ বাবে বিটিচি প্ৰশাসনক প্ৰশংসা বিদেশী প্ৰতিনিধিৰ

চাজিদ খান by চাজিদ খান
January 25, 2018 10:42 pm
পাট পলু পালনৰ বাবে ব্যৱহাৰ হোৱা চোম গছ পৰ্যবেক্ষণ কৰিছে বিদেশী প্ৰতিনিধি বৰ্গই

পাট পলু পালনৰ বাবে ব্যৱহাৰ হোৱা চোম গছ পৰ্যবেক্ষণ কৰিছে বিদেশী প্ৰতিনিধি বৰ্গই

364
VIEWS
Share on FacebookShare on Twitter

জাপান, চীন, ফ্ৰান্স, থাইলেণ্ড, ৰোমানিয়া, ৰাৱাণ্ডা, উগাণ্ডা, ইথিওপিয়া, কেনিয়া, উজবেকিস্তান, বাংলাদেশ, পাৰাগুৱে, উৰুগুৱে আৰু তুৰ্কীকে ধৰি ৬৫ খন বিদেশী ৰাষ্ট্ৰৰ ভ্ৰমণকাৰী প্ৰতিনিধি বৰ্গই কেন্দ্ৰীয় চিল্ক বোৰ্ডৰ সহযোগত বিটিচি প্ৰশাসনে মুগা আৰু পাট পলুৰ বিকাশ  আৰু ৰপ্তানি মানৰ মুগা চিল্ক উৎপাদনৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বাবে প্ৰশংসা কৰে।

বৃহস্পতিবাৰে বিভিন্ন ৰাজ্যৰ ১০০ তকৈয়ো অধিক প্ৰতিনিধিৰ সৈতে এই প্ৰতিনিধি দলটোৱে ওদালগুৰি জিলাৰ সাপখাটিত থকা জিলা ৰেচম কাৰ্যালয় পৰিদৰ্শন কৰে আৰু দেশৰ ভিতৰুৱা অঞ্চলত ৰেচমৰ বিকাশ আৰু প্ৰম’চনৰ বাবে গ্ৰহণ কৰা এই কৃষি ভিত্তিক পামৰ বাবে কৰ্তৃপক্ষক প্ৰশংসা কৰে।

জাপানৰ গৱেষক বিজ্ঞানী মাক্তো কিউচুয়ে নৰ্থ ইষ্ট নাওৰ আগত কয় যে এই দেশত প্ৰাকৃতিক ধৰণে পাট পলু পালনৰ প্ৰক্ৰিয়াটোৱে তেওঁক অতি আনন্দিত কৰিছে।

তেওঁ জনায় যে জাপানেও  উন্নত উৎপাদনৰ বাবে প্ৰাকৃতিক ধৰণেৰে পাট আৰু মুগা পলু পালন কৰে।

ৰোমানিয়াৰ আন এগৰাকী বিজ্ঞানী ডেনিয়েল ডেজওয়াৰুৱে পলু পালনৰ ক্ষেত্ৰত প্ৰাকৃতিক পদ্ধতিৰ লগত বৈজ্ঞানিক পদ্ধতিৰ সংমিশ্ৰণৰ বাবে ওদালগুৰিত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।

‘’ভাৰত নিশ্চিতভাৱে মুগা আৰু পাট উৎপাদনৰ ক্ষেত্ৰত অতি শীঘ্ৰেই এখন আগশাৰীৰ দেশত পৰিগণিত হ’ব,’’-ডেনিয়েলে কয়।

ফ্ৰান্সৰ ৰেচম বিজ্ঞানী হট যোচেও ওদালগুৰিৰ ৰেচম কাৰ্যালয়ত পাট আৰু মুগা পলু পালনৰ মানদণ্ডক প্ৰশংসা কৰে আৰু আশা কৰে যে বিটিচি প্ৰশাসনে এই শৃংখলা অব্যাহত ৰাখিলে স্বাৱলম্বী হ’বলৈ সক্ষম হ’ব।

ইয়াৰ পূৰ্বে বিদেশী তথা ভাৰতীয় প্ৰতিনিধিসকলক বিটিচি বিধানসভাৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, বিটিচিৰ সচিব  ৰবিনছন মুছাহাৰী, বিটিচিৰ ৰেচম বিভাগৰ সঞ্চালক যোগেশ দেউৰী, ওদালগুৰি জিলাৰ  ৰেচম বিভাগৰ সহকাৰী সঞ্চালক হৰকান্ত হাজৰিকাই পৰম্পৰাগত ‘আৰণি’ আৰু ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়।

স্থানীয় শিল্পীসকলে লগতে প্ৰতিনিধিসকলৰ আগত লোকনৃত্য বিহু, বাগৰুম্বা আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে।

Recent News

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd