মূল্যবৃদ্ধিৰ বিৰুদ্ধে কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী 

ATTACHMENT

ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি কলিয়াবৰতো পে’ট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে চাইকেল ৰেলীৰে কংগ্ৰেছে এক প্ৰতিবাদী সমদল উলিয়ায়।

এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মী সকলে নৰেন্দ্ৰ মোদী চৰকাৰ হায় হায় , মোদী চৰকাৰ গ’ বেগ, বিজেপি হাতও দেশ বচাও আদি শ্লোগানৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কলিয়াবৰ তিনিআলিৰ পৰা কুঁৱৰীটোলৰ মাজ মজিয়াৰে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে এই প্ৰতিবাদী চাইকেল ৰেলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য প্ৰদীপ বৰুৱা, ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰা, যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ বহু সংখ্যক সদস্যই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসম গণ পৰিষদৰ দুৰ্গ হিচাপে খ্যাত কলিয়াবৰত এইদৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে কৰা প্ৰতিবাদে এক বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যি সময়ত সমগ্ৰ দেশতে অস্বভাৱিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে তেনে সময়তে কংগ্ৰেছে কলিয়াবৰত প্ৰতিবাদ সমদল উলিওৱা কাৰ্য স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ।