আজি দিনৰ ভাগত মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত ৰিখতাৰ স্কেলত ৬ মাপৰ এক মৃদু প্ৰাবল্য ভূমিকম্পৰ জোকাৰণি অনুভুত হয়।
ভাৰতীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰই জনোৱা অনুসৰি দিনৰ ১২.১৭ বজাত অহা ভূমিকম্পটো ভূপৃষ্ঠৰ পৰা ৩৫ কি.মি গভীৰত সংঘটিত হৈছিল।
ভাৰতীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰৰ এজন বিষয়াই কয় যে ভূমিকম্পটোৰ প্ৰকৃত স্থান নিৰ্ণয় কৰিব পৰা হোৱা নাই যদিও ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলৰ ভিতৰত উত্তৰে ২৪.৭ আৰু পূবে ৯৪.৭ ডিগ্ৰীত ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল বুলি ঠাৱৰ কৰা হৈছে।
বিষয়াজনে ভূমিকম্পটোৰ ফলত কোনোধৰনৰ ক্ষয়-ক্ষতিৰ খবৰ অহা নাই বুলিও জানিবলৈ দিয়ে।