‘মেক ইন নৰ্থইষ্ট’ আঁচনিৰ জৰিয়তে উত্তৰ- পূৰ্বাঞ্চলৰ বিকাশক নতুন গতি দিয়াৰ প্ৰয়াস কেন্দ্ৰৰ  

ATTACHMENT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি ‘মেক ইন ইণ্ডিয়া’ৰ দৰে উত্তৰ- পূৰ্বাঞ্চলতো ‘মেক ইন নৰ্থইষ্ট’ আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।সেই অনুসৰি সোমবাৰে নতুন দিল্লীত এই আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে।

ড’নাৰ মন্ত্ৰীগৰাকীয়ে নতুন পদক্ষেপটোৰ কথা ঘোষণা কৰি এই ক্ষেত্ৰত মন্ত্ৰালয়টোৱে চৰকাৰ আৰু বিভিন্ন বাণিজ্য সংস্থা, ব্যৱসায়িক গোষ্ঠীৰ মাজত সমন্বয়কৰ কাম কৰি আঁচনিখন সাফল্যমণ্ডিত কৰিব বুলি প্ৰকাশ কৰে।

মন্ত্ৰী গৰাকীয়ে লগতে এই আঁচনিখনৰ জৰিয়তে উত্তৰ- পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ উৎপাদিত সামগ্ৰীক স্বকীয়তা প্ৰদানেৰে ইয়াক বিশেষ পৰিচয় দিয়া হ’ব বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে এই নতুন আঁচনিখন ঘোষণা কৰাৰ পাছত ‘এছ’ছেম’ৰ সচিব প্ৰধান ডিএছ ৰাৱাটে মন্ত্ৰী সিঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে।উক্ত বৈঠকখনত ড’নাৰ মন্ত্ৰী গৰাকীয়ে দেশৰ অন্যান্য প্ৰদেশসমূহৰ তুলনাত উত্তৰ- পূৰ্বাঞ্চলৰ অঠোখন ৰাজ্যৰ স্বকীয় পৰিচয় আছে বুলি উল্লেখ কৰা সেই পৰিচয়ৰে ৰাজ্যকেইখনক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ যথেষ্ট সম্ভৱনা আছে বুলি উল্লেখ কৰে।প্ৰসংগক্ৰমে ড’নাৰ মন্ত্ৰী গৰাকীয়ে কয় যে ছিকিমক ‘ভাৰতৰ অৰ্গেনিক ৰাজ্য’, মিজোৰামক ‘ভাৰতৰ বাঁহৰ ৰাজ্য’, মণিপুৰক ‘ভৰতৰ বয়ন ৰাজ্য’ হিচাপে পৰিচিতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত বিগত চাৰি বছৰত উত্তৰ- পূৰ্বাঞ্চলত ক্ষিপ্ৰ গতিৰ বিকাশ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী সিঙে কয়—  ‘এনডিএ চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ- পূৰ্বাঞ্চলত যোগাযোগ আৰু পৰিবহণ খণ্ডৰ আন্তগাঁথনিগত উন্নয়ন সম্ভৱ হৈছে।সেয়েহে দেশৰ বিভিন্ন অংশৰ লগতে বিদেশৰো বিনিয়োগকাৰীসকলে এতিয়া উত্তৰ- পূবত সম্ভৱনাৰ নতুন দুৱাৰ মুকলি কৰিবলৈ আগ্ৰহী হৈছে।এতিয়া এই বিকাশৰ ধাৰাক আগুৱাই নিয়াৰ বাবে এটা প্ৰতিষ্ঠানগত ব্যৱস্থা গঢ় দিয়াতো প্ৰয়োজনীয় হৈ পৰিছে।‘

আনহাতে ড০ সিঙে কয় যে ‘মেক ইন নৰ্থইষ্ট’ পদক্ষেপে কেৱল ৰাজহ আহৰণ বা নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, ইয়ে কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচি’কো অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব। উদাহৰণ স্বৰূপে তেওঁ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ উৎপাদিত সামগ্ৰীয়ে পূৰ্বাঞ্চল সীমামূৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ আদিৰ পৰা গ্ৰাহক লাভ কৰিব পাৰে বুলি উল্লেখ কৰে।সাংস্কৃতিগত তথা খাদ্যাভাসৰ সাদৃশ্য থকাৰ বাবে উত্তৰ- পূবৰ ৰাজ্য সমূহে এখন নতুন বজাৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি লগতে আশা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

তদুপৰি ‘মেক ইন নৰ্থইষ্ট’ আঁচনিখনৰ প্ৰতি বিনিয়োগকাৰী তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠান সমূহক অধিক আগ্ৰহী- আকৃষ্ট কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নেডফি, এনইএছএফবি আদিৰ নিয়ম কিছু পৰিমাণে শিথিল কৰিব বুলিও প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

ইয়াৰ ফলত উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে স্বকীয় পৰিচিতিৰে সমগ্ৰ দেশৰ ভিতৰতে সকলো ক্ষেত্ৰতে উজলি উঠিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।