মেঘালয়ত মোদীৰ নিৰ্বাচনী ডংকা : মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা

নিৰ্বাচন অভিমুখী মেঘালয়ত আজি উপস্থিত হোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়বাসীলৈ উন্নয়নমূলক আঁচনিৰ টোপোলা উপহাৰ দিয়াৰ লগতে নিৰ্বাচনী সভাতো অংশ গ্ৰহণ কৰে। আজি শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মোদীয়ে কংগ্ৰেছ চৰকাৰখনে ইয়াৰ সাধাৰণ লোকৰ বাবে কাম কৰাতকৈ কয়লা মাফিয়াৰ হকেহে কাম কৰা বুলি কয়। মোদীয়ে তেওঁৰ ভাষণত তেওঁৰ চৰকাৰে যোৱা তিনি বছৰত মেঘালয়কে ধৰি উত্তৰ-পৰ্বাঞ্চলৰ বাবে কি কি উন্নয়নমূলক কাম কৰিছে তাৰ হিচাপ দাঙি ধৰে আৰু মুকুল চাংমাৰ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে। মোদীৰ সৈতে ডায়াছত চাৰিজন বিধায়কো উপস্থিত আছিল। নিৰ্বাচনী সভাখনৰ পূৰ্বে এইটো কোৱাকুই চলিছিল যে কংগ্ৰেছী বিধায়ক এ এল হেক, এন চি পিৰ বিধায়ক চেনবৰ চুলেই আৰু আন দুজন নিৰ্দলীয় বিধায়ক ক্ৰমে ৰবিনাছ চিংকন আৰু জাষ্টিন ধাৰে বিজেপিত যোগদান কৰিব আৰু মোদীৰ সৈতে ডায়াছত একেলগে বহিব। মোদীয়ে কয় যে মেঘালয় সৰু সৰু ৰাজ্যবোৰৰ বাবে এক দৃষ্টান্ত হ’ব পাৰে। তেওঁ কয়, যদিও কংগ্ৰেছে যোৱা পোন্ধৰ বছৰ ৰাজ্যখনত শাসন কৰি আছে, তথাপি শ্বিলঙৰ মানুহে পৰিষ্কাৰ খোৱাপানী পোৱা নাই, যানজঁটৰ পৰা মুক্তি পোৱা নাই, স্বাস্থ্য বিভাগৰ অৱস্থা ভাল নহয়, বিদ্যালয়ৰ অৱস্থাও তথৈবচ। তেওঁ অভিযোগ কৰে যে মেঘালয়ৰ বাবে কেন্দ্ৰই যথেষ্ট টকা দিয়াৰ পিছতো ইয়াত আঁচনিবোৰ, প্ৰকল্পবোৰ সম্পূৰ্ণ নহয়। দুৰ্নীতিৰ উপৰি কেগৰ প্ৰতিবেদন মতে যোৱা ছবছৰত ৰাজ্যখনত ৯০৮ কোটি টকা অব্যৱহৃত হৈ পৰি আছে। শিক্ষা বিভাগতো তেওঁ অযোগ্যজনক নিযুক্ত দিয়া বুলি অভিযোগ কৰে। শিশুৰ খাদ্যবস্তুৰ বাবে দিয়া টকাও চুৰি হয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ নিজৰ দলটোৰ প্ৰতি সমৰ্থন বিচাৰি উপস্থিত দৰ্শকক কয় যে তেওঁৰ চৰকাৰৰ বিকাশৰ আঁচনি, দ্ৰুত বিকাশ আৰু সামগ্ৰিক বিকাশৰ প্ৰতিশ্ৰুতিৰ বাদে দিবলৈ একো নাই। তাৎপৰ্য্যপূৰ্ণভাৱে মোদীয়ে বাট-পথ, ৰেইল আৰু বিমানসেৱাৰ উন্নয়ন তথা পৰ্য্যটনৰ দিশত দলটোৱে শাসনলৈ আহিলে ৰাজ্যখনৰ বাবে কৰিব খোজা কামবোৰৰ কথা কওঁতে মিজোৰামত দিয়া ভাষণৰে পুনৰাবৃত্তি কৰে। তেওঁ মিজোৰামত কোৱাৰ দৰে ইয়াতো কয় যে দেশৰ ভিতৰতে পৰ্য্যটনৰ ক্ষেত্ৰত মেঘালয়ক এক শীৰ্ষস্থানলৈ নিয়া হ’ব আৰু লগতে ক্ৰীড়াক্ষেত্ৰতো। তেওঁ মেঘালয়ে অহা ২০২২ চনত ৰাষ্ট্ৰীয় গেইমছ পতাৰ সুযোগ পোৱাটোতো আনন্দিত বুলি কয় আৰু ই ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ্তিৰ সৈতে ৰজিতা খাই পৰিব বুলি কয়। তেওঁ ভাষণত ৰাজ্যখনৰ কেইবাজনো উল্লেখযোগ্য খেলুৱৈৰ নাম লয়।

আনহাতে আজি নিৰ্বাচনী সভাত ভাষণ দিয়াৰ পূৰ্বে মোদীয়ে মেঘালয়ত নতুনকৈ নিৰ্মিত শ্বিলং-নংষ্টইন-ৰংজেং-তুৰা সংযোগী পথটো মুকলি কৰে। তাৎপৰ্য্যপূৰ্ণভাৱে মুখ্য মন্ত্ৰী মুকুল চাংমা আৰু মেঘালয়ৰ গড়কাপ্তানি মন্ত্ৰী এই উদ্বোধনী অনুষ্ঠানটোৰ পৰা আঁতৰি আছিল।