বৃহস্পতিবাৰে মেঘালয়ৰ ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰী (আৰক্ষী আৰু কাৰাগাৰ) জেমছ পি কে চাংমাই চিলঙৰ জিলা কাৰাগাৰত ই-প্ৰিজন ছফ্টৱেৰ এটা উন্মোচন কৰি কৈছে যে ৰাজ্য চৰকাৰে কাৰাগাৰসমূহ আধুনিকীকৰণ কৰাৰ বাবে বদ্ধপৰিকৰ। কাৰাগাৰৰ কয়দীসকলক আদালত কক্ষলৈ নিয়াটো হ্ৰাস কৰাৰ বাবে প্ৰত্যেকখন কাৰাগাৰতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কয়দীসকলক বিনামূলীয়া আইনীসেৱা আগবঢ়োৱা হৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে।
তেওঁ আৰু কয় যে কাৰাগাৰসমূহ সংশোধনীমূলক পৰিৱৰ্তনমূলক কেন্দ্ৰ হ’ব লাগে আৰু তাৰ আৱাসীসকলক মানৱীয় আচৰণ কৰিব লাগে। মন্ত্ৰীগৰাকীয়ে কাৰাগাৰৰ আৱাসীসকলক বৃত্তিমূলক আৰু অন্য দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে যাতে তেওঁলোকে সমাজৰ মূল সুঁতিলৈ উভতি যোৱাৰ পাছত স্বাভাৱিক নাগৰিকৰ জীৱন কটাব পাৰে।
তেওঁ কেন্দ্ৰীয় কাৰাগাৰত দুৰ্ধৰ্ষ অপৰাধী আৰু বিচাৰাধীন বন্দীৰ বাবে আছুতীয়া ব্যৱস্থা গ্ৰহণৰ ওপৰত জোৰ দি কয়, ”পুনৰ্বাসন আৰু সমাজৰ সৈতে মিলি যোৱাটোৰ ওপৰত কাৰাগাৰসমূহে জোৰ দিয়া উচিত।”
ছফ্টৱেৰটো উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ই-প্ৰিজন ছফ্টৱেৰ উন্মোচন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ৰাজ্যসমূহৰ মাজত মেঘালয় অন্যতম। তেওঁ আৰু কয় যে শ্বিলঙৰ জিলা কাৰাগাৰৰ পৰা ই-প্ৰিজন ছফ্টৱেৰৰ উন্মোচন হৈছে এটা সৰল আৰম্ভণি।
তেওঁ আত্মবিশ্বসেৰে প্ৰকাশ কৰিছে যে ৰাজ্যৰ বাকী কাৰাগাৰসমূহতো পৰ্যায়ক্ৰমে ডিজিটেলাইজড আৰু আধুনিকীকৰণৰ কাম আৰম্ভ কৰা হ’ব।
গৃহমন্ত্ৰী চাংমাই কৈছে যে ই-প্ৰিজন ছফ্টৱেৰে কাৰাগাৰসমূহৰ নথিসমূহ ডিজিটেলাইজ কৰাই নহয়, কাৰাগাৰসমূহৰ কামকাজতো স্পষ্টতা আৰু দায়বদ্ধতা আনিব।
ইয়াৰ পূৰ্বে কাৰাগাৰৰ সঞ্চালক প্ৰধান আৰ পি অগ্ৰৱালে জনাইছিল যে ই-প্ৰিজনে কাৰাগাৰৰ কয়দী আৰু কয়দী ব্যৱস্থাপনা সম্পৰ্কীয় সকলো কাম-কাজ কম্পিউটাৰাইজড কৰিব আৰু কাৰাগাৰৰ বিষয়া আৰু অপৰাধী বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলক আৱাসীসকলৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য যোগান ধৰিব।
ই-প্ৰিজন ছফ্টৱেৰ উন্মোচনী অনুষ্ঠানত আয়ুক্ত আৰু সচিব (কাৰাগাৰ) টাইনিং ডখাৰ, যুটীয়া সচিব (কাৰাগাৰ) এফ এম ডফ্থ আৰু উপস্থিত এন আই চিৰ ৰাজ্যিক তথ্যবিজ্ঞান বিষয়া তিমোতি ডখাৰ উপস্থিত আছিল।