• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ পৰা প্ৰত্যাহাৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন; সকলো দল-সংগঠনৰে আদৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 10:17 am
Afspa-680x365-570x320

ফাইল চিত্ৰ

87
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ ২৭ বছৰৰ অন্তৰালত বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন খন মেঘালয়ৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। দীৰ্ঘদিনৰ পৰা এই আইনখন প্ৰত্যাহাৰৰ বাবে দাবী জনায় আহিছিল আৰু সোমবাৰে গৃহ মন্ত্ৰালয়ে এই আইনখন প্ৰত্যাহাৰৰ কথা প্ৰকাশ কৰে।

এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে পহিলা এপ্ৰিলৰ পৰাই এই আইনখন মেঘালয়ৰ পৰা প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়। মেঘালয়ৰ পৰিৱেশ বৰ্তমান শান্তিপূৰ্ণ হোৱাৰ বাবেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিলে।

ইফালে অৰুণাচলত ১৬ টা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত বাহাল থকা এই আইনখন এইবাৰ আঠটা আৰক্ষী চকীলৈ হ্ৰাস কৰা হয়। বিতৰ্কিত এই আইনখন অৰুণাচৰ এই অঞ্চল সমূহত আৰু ছমাহৰ বাবে বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে এই আইনখন প্ৰত্যাহাৰৰ দাবীৰে মণিপুৰৰ সমাজ কৰ্মী ইৰম শৰ্মিলাই বহু বছৰ ধৰি অনশনত আছিল। কিন্তু এইবাৰো মণিপুৰৰ পৰা প্ৰত্যাহাৰ নহ’ল বহু বিতৰ্কিত আইনখন।

লক্ষ্যণীয়ভাৱে আইনখন মেঘালয়ৰ পৰা প্ৰত্যাহাৰ কৰা কাৰ্যক মেঘালয়ৰ দল-সংগঠনে স্বাগতম জনোৱাৰ লগতে উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহ আৰু জম্মু-কাশ্মীৰৰ পৰাও প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰক অনুৰোধ জনাইছে।

মেঘালয়ৰ গৃহ মন্ত্ৰী জেমছ পি কে ছাংমাই ৰাজ্যখনৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

মেঘালয়ৰ পৰা এই আইনখন প্ৰত্যাহাৰ কৰা বাবে কেন্দ্ৰক বিশিষ্ট সমাজ কৰ্মী ড০ বি এম বাছায়াওমইতে ধন্যবাদ জনায়। ইয়াৰ উপৰি অন্যান্য ৰাজ্যসমূহত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখনৰ কোনো প্ৰয়োজনীয়তা নাই, সেই অঞ্চল সমূহৰ পৰা বিতৰ্কিত আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিব লাগে বুলি পুনৰ দোহাৰে সমাজ কৰ্মী ড০ বি এম বাছায়াওমইত।

উত্তৰ-পূব ছাত্ৰ সংগঠনৰ অধ্যক্ষ ছেমুৱেল বি জিৰৱাই কেন্দ্ৰৰ সিদ্ধান্তক স্বাগতম জনাই কয়, ‘উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহত বাহাল থকা এই বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰিব লাগে। একবিংশ শতিকাত  এনেধৰণৰ এখন কঠোৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন কোনো পধ্যে গ্ৰহণযোগ্য নহয়’।

উল্লেখ্য যে কিছু বছৰৰ পূৰ্বে এই আইনখন উত্তৰ-পূবৰ আন এখন ৰাজ্য ত্ৰিপুৰাৰ পৰাও প্ৰত্যাহাৰ কৰা হৈছিল।

Recent News

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd