মেঘালয়ৰ মুৱে’ থাই খেলুৱৈয়ে লগ কৰিলে মুখ্য মন্ত্ৰী কনৰাদ চাংমাক

মেঘালয়ৰ তৰুণ সমৰকলা খেলুৱৈ এবিলিতিজ দিয়েংদ’ আৰু মনিকা নংগ্ৰুমে আজি মঙলবাৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী কনৰাদ চাংমাক লগ কৰে। অহা ১০ৰ পৰা ১৯ মে’লৈ মেক্সিক’ত হ’ব লগা আন্তঃ ৰাষ্ট্ৰীয় মুৱে’ থাই প্ৰতিযোগিতাত তেওঁলোকে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

খেলুৱৈকেইগৰাকীৰ লগতে প্ৰতিনিধি দলে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বান্তেইদৰ লিংদ’ৰ উপস্থিতিত মুখ্য মন্ত্ৰীগৰাকীক লগ কৰে বুলি এক প্ৰে’ছ বাৰ্তাত কোৱা হৈছে।

মেক্সিক’ৰ কেনকানত হ’ব লগা মুৱে’ থাই বিশ্ব চেম্পিয়নশ্বিপত ভাগ লোৱাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে।

শেহতীয়াকৈ সমাপ্ত হোৱা মুৱে’ থাইৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ২০১৭-১৮ আৰু যোৱা বছৰ নৱেম্বৰত শ্বিলঙৰ নেহু চৌহদৰ ছাই ইণ্ড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 1st National Pro-Am Title Belt 2018ত মেঘালয়ৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শনে আগবঢ়াই পুৰস্কৃত হৈছিল।