শ্বিলঙত আজি পুৱতি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকৰ পুত্ৰৰ মাৰ্চিডিছ গাড়ী আৰু এখন মটৰচাইকেলৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী আৰক্ষী মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।
উক্ত দুৰ্ঘটনাটোৰ সময়ত হেকৰ পুত্ৰ আইবনছৰাই নংছী (২৮)এ মাৰ্চিডিছ গাড়ীখন চলাই আছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি শ্বিলং জিলা কাৰাগাৰৰ নিৰাপত্তাৰক্ষী প্ৰবিন ডি ছাংমা নামৰ মটৰচাইকেল চালকজনক শ্বিলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা মটৰচাইকেলখনৰ আনজন আৰোহী তথা ১নং মেঘালয় আৰক্ষী বেটেলিয়নৰ জোৱান প্ৰবাত আৰ মাৰাক উন্নত চিকিৎসাৰ বাবে শ্বিলং অসামৰিক চিকিৎসালয়ৰ পৰা নেগ্ৰিমছলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ বিচাৰি অনুসন্ধান কৰি থকা হৈছে বুলি জানিবলৈ দি পূব খাছি হিলছৰ আৰক্ষী অধীক্ষক ডেভিছ মাৰাকে কয় যে এতিয়ালৈকে কাকো আটক কৰা হোৱা নাই।
আনহাতে দুৰ্ঘটনাটোত নিহত হোৱা আৰক্ষী জোৱানজনৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি স্বাস্থ্য মন্ত্ৰী হেকে সমগ্ৰ ঘটনাটোৰ এক নিকা আৰু মুক্ত অনুসন্ধান হ’ব লাগে বুলি মন্তব্য কৰি কয়, ‘এজন মন্ত্ৰী হিচাপে মই এক নিকা অনুসন্ধান হোৱাটো বিচাৰো আৰু জোনেই নহওক কিয় দোষিয়ে আইন মতে শাস্তি পাব লাগে।’