মেঘালয় বিধানসভাৰ পৰা পাঁচগৰাকী কংগ্ৰেছ বিধায়কে পদত্যাগ কৰি এনডিএৰ সহযোগী এনপিপিত যোগদান কৰাৰ প্ৰস্তুতি চলোৱাৰ এদিন পিছতে দলৰ সভাপতি ৰাহুল গান্ধীয়ে মেঘালয় কংগ্ৰেছৰ পূৰ্বৰ মুৰব্বী ডি ডি লাপাঙক অঁতৰাই চেলেষ্টাইন লিংডোক নিযুক্তি দিছে।
মুখ্যমন্ত্ৰী মুকুল চাংমাৰ ঘণিষ্ঠ লিংডো চাংমাৰ কেবিনেটৰ এগৰাকী মন্ত্ৰী। লাপাং ৰাজ্যিক কংগ্ৰেছৰ উপদেষ্টা হিচাপে থাকিব। ৰাহুল গান্ধীয়ে ভিনচেন্ট এইচ পালাক মেঘালয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে।
নতুন বছৰৰ প্ৰথম ভাগতে মেঘালয়ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। পালাই লিংডোৰ অধীনত ১৩ জনীয়া সদস্যৰ প্ৰদেশ নিৰ্বাচনী সমিতি গঠন কৰিব। এই সমিতিৰ সদস্য হিচাপে থাকিব মুখ্যমন্ত্ৰী মুকুল চাংমাও।
মেঘালয় কংগ্ৰেছৰ বাবে সংকট ঘণীভূত কৰি দলৰ ৫ গৰাকী বিধায়ককে ধৰি ৮ গৰাকী বিধায়কে বিধানসভাৰ পৰা পদত্যাগ কৰি এনডিএৰ সমৰ্থিত নেশ্যনেল পিপ’লছ পাৰ্টিত যোগদানৰ বাবে সাজু হৈছে। এই পদত্যাগৰ পিছত ৬০ জনীয়া মেঘালয় বিধানসভাত কংগ্ৰেছ সদস্যৰ সংখ্যা ২৪ জনলৈ হ্ৰাস পালে।
ৰাহুল গান্ধীয়ে লগতে নাগালেণ্ডত হ’বলগীয়া আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ এখন নিৰ্বাচনী সমিতি, প্ৰচাৰ সমিতি আৰু মিডিয়া সমিতি গঠন কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জনাৰ্দন দ্বিবেদীয়ে এক বিবৃতিত এই কথা উল্লেখ কৰিছে।