যোৱাবাৰ বাৰিষাত ৰঙানদীৰ পানী বঢ়াৰ দৰেই বাঢ়িছে পে’ট্ৰল-ডিজেলৰ মূল্য। যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত ইন্ধনৰ মূল্য দৈনিক বৃদ্ধি হৈ থকাক লৈ আজি ২২ মে’ত বোকাখাতত এই মন্তব্য কৰিছে অখিল গগৈ ( Akhil Gogoi )য়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘মিছলীয়া’ আখ্যা দি গগৈয়ে কয় যে বিজেপি চৰকাৰে পে’ট্ৰল-ডিজেলক লৈও নিকৃষ্ট ৰাজনীতি কৰিছে৷ ‘১২ মে’ত কৰ্ণাটকৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ দুদিন পিছতেই দেশত পুনৰ পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি পালে’, ক’লে অখিলে।
অসমৰ জনপ্ৰতিনিধিসকলক সমালোচনা কৰি গগৈয়ে কয় যে ৰাজহুৱা ধনেৰে কিনা পে’ট্ৰল-ডিজেল পুৰি গাড়ীৰে সমদল কৰা জনপ্ৰতিনিধিসকলক এই দৰ বৃদ্ধিয়ে কোনোধৰণে প্ৰভাৱিত কৰিব পৰা নাই৷
মেঘালয় আৰু অসমত ইন্ধন মূল্যৰ ব্যৱধান ৪ৰ পৰা ৫ টকা পৰ্যন্ত হোৱাৰ কথা আঙুলিয়াই দি গগৈয়ে দাবী কৰে যে ৰাজ্যিক কৰ হ্ৰাস অবিহনে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিলৈ পৰিৱৰ্তন অহাৰ সম্ভাৱনা ক্ষীণ। কিন্তু এই ক্ষেত্ৰত শাসকীয় দলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বোকাখাতৰ বাটে-ঘাটে আজি ২২ মে’ত প্ৰচাৰ পত্ৰ বিতৰণ কৰি থকাৰ সময়ত ইন্ধন মূল্যবৃদ্ধি সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে এই মন্তব্য কৰে।