ম্যানমাৰৰ নিম্ন সদনৰ অধ্যক্ষ উ উইন মিণ্টৰ পদত্যাগ

u-myint-

বুধবাৰে ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ হিটিন কিয়াওৱে তাৎক্ষণিকভাৱে পদত্যাগ কৰাৰ ঠিক পিছতেই দেশখনৰ নিম্ন সদনৰ এখন সভাত অধ্যক্ষ উ উইন মিণ্টৰ পদত্যাগ ঘোষিত হোৱাৰ বাতৰি ওলাইছে । বাতৰিত প্ৰকাশ হোৱা মতে  মিণ্ট হ’ব পাৰে ম্যানমাৰৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি।

উল্লেখ্য যে ম্যানমাৰৰ সংবিধানৰ ৭৩(খ) ধাৰা অনুসৰি সাত দিনৰ ভিতৰত তুন ৰাষ্ট্ৰপতি নিয়োগ কৰা হ’ব।

যদিও উ মিণ্ট আনুষ্ঠানিক ছুটিত আছিল বুধবাবে সংসদৰ এখন সভাত তেওঁৰ পদত্যাগৰ কথা ঘোষণা কৰা হয়।

যদিহে মিণ্ট নিৰ্বাচিত হয় তেন্তে ১৯৪৮ চনত স্বাধীনতা লাভ কৰা ম্যানমাৰৰ তেওঁ দশম ৰাষ্ট্ৰপতি হ’ব।

মিণ্টক ষ্টেট কাউনছেলৰ আং ছান চ্যু কীৰ ঘনিষ্ঠ হিচাপে জনা যায় আৰু তেওঁ এন এল ডিৰ জ্যেষ্ঠ সদস্যসকলৰ প্ৰিয়পাত্ৰসকলৰ মাজত এজন। ২০১৫ চনত এন এল ডিয়ে সাধাৰণ নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁ নিম্ন সদনৰ অধ্যক্ষ মনোনীত হৈছিল।

ম্যানমাৰৰ নিম্ন সদনৰ অধ্যক্ষ হিচাপে কাৰ্যকালত তেওঁ কঠোৰ নিয়মানুৱৰ্তীতাৰ বাবে জনাজাত আছিল। সংসদীয় সভাৰ সময়ত কোনো অপ্ৰাসংগিক বিষয় তেওঁ মুঠেও সহ্য কৰা নাছিল। সামৰিক বাহিনীৰ প্ৰতিনিধি হিচাপে অহা সাংসদ সকল আনকি  য়ুনিয়ন মন্ত্ৰীসকলো তেওঁৰ কঠোৰ সতৰ্কবাণীৰ পৰা সাৰি যাব পৰা নাছিল।