ম্যানমাৰৰ সীমামূৰীয়া গাওঁ ‘কাওথা’ক আদৰ্শ গাওঁ হিচাপে অন্তৰ্ভুক্ত কৰিলে মণিপুৰৰ ৰাজ্যসভাৰ সাংসদ কে ভবানন্দ সিঙে

মণিপুৰৰ ৰাজ্যসভাৰ সাংসদ কে ভবানন্দ সিঙে এটা ঘোষণাৰ জৰিয়তে ম্যানমাৰৰ সীমামূৰীয়া গাওঁ কাওথাক আদৰ্শ গাওঁ হিচাপে গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰিছে। গাওঁখনক আনুষ্ঠানিকভাৱে এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে পতা এটা অনুষ্ঠানত সাংসদজনে কয় যদি এখন গাৱোঁ উন্নয়নৰ অন্তৰ্ভুক্ত নহয়, তেন্তে গোটেই দেশখনেই বিকাশৰ পথত যাব নোৱোৰে। গাওঁখনক আদৰ্শ গাওঁ হিচাপে ধৰাৰ কাৰণ হিচাপে সাংসদজনে কয় যে এই গাওঁখন অতিকৈ পিছপৰা গাওঁবোৰৰ অন্যতম। তেওঁ গাওঁখনক আদৰ্শ গাৱঁলৈ উন্নীত কৰাৰ ক্ষেত্ৰত গাওঁবাসীৰ সহযোগিতা বিচাৰে। গাওঁখনৰে কিছু সংখ্যক লোকক স্বাস্থ্য ৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ দিয়াতো গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে টেংনৌপাল জিলাৰ সীমামূৰীয়া এই গাওঁখনত এই পৰ্য্যন্ত উন্নয়নৰ বুনিয়াদী ব্যৱস্থাবোৰৰ অভাৱ হৈ আছে। গাওঁবাসী প্ৰধানকৈ কৃষিজীৱী। তেওঁলোকে বাঁহৰ গাঁজৰ পৰা চৈবাম বা হাৱাজ্জাৰ নামৰ এবিধ খাদ্য বস্তু বনায়। গাওঁখনত প্ৰায় ৬০-৭০ ঘৰ লোক আছে।

উপস্থিতসকলক সম্বুধি ৰাজ্যসভাৰ সাংসদজনে কয় যে যদিহে আঁচনিখন সম্পূৰ্ণকৈ ৰূপায়ণ কৰিব লাগে তেন্তে গাওঁখনৰ জনসংখ্যা আৰু আন্তঃগাঁথনিৰ মাজত এটা সন্তুলন থাকিব লাগিব। গতিকে আন আন গাওঁৰ পৰা প্ৰব্ৰজনক বাধা দিব লাগিব। লগতে তেওঁ কয় যে যিকোনো বিকাশৰ বাবে শান্তি অপৰিহাৰ্য্য।