মৰণফান্দত পৰিণত নগাঁৱৰ এটি গড়কাপ্তানি পথ : পুখুৰী সদৃশ গাঁ‌তৰ বাবে সঘনাই হৈছে পথ দুৰ্ঘটনা

নগাঁও-ধিং

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰবাৰ ইতিহাস প্ৰসিদ্ধ বটদ্ৰবা থান, মৈৰাবাৰী, ধিং, ডুমডুমীয়া, শান্তিজান প্ৰমুখ্যে নগাঁও জিলাৰ উত্তৰ পাৰৰ বিভিন্ন অঞ্চলৰ একমাত্ৰ সংযোগী গড়কাপ্তানি পথটোৱেই হৈছে নগাঁও-ধিং-মৈৰাবাৰী গড়কাপ্তানি পথ।

গড়কাপ্তানি বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ অত্যন্ত ব্যস্ত আৰু গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটো সম্প্ৰতি মৰণফান্দলৈ ৰূপান্তৰ হৈছে। নগাঁও চহৰৰ পৰা ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গড়কাপ্তানি পথটো প্ৰয়োজনীয় মেৰামতি আৰু তত্বাৱধানৰ অভাৱত তৰপে তৰপে এৰি বিধ্বস্ত হৈ পৰিছে। পথটোৰ আৰম্ভণিৰ অংশ নগাঁও চহৰৰ হয়বৰগাঁ‌ৱৰ হনুমান মন্দিৰৰ সন্মুখৰ পৰা মৈৰাবাৰী বজাৰপৰ্যন্ত পথৰ মাজে মাজে অসংখ্য প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ হোৱা বৰষুণত পথৰ মাজৰ এই গাঁ‌ত সমূহত পানী জমা হোৱাত গধুৰ যান-বাহনৰ চকা সোমাই গাঁ‌তবোৰ বেছি দ’ আৰু বহল হোৱা  পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে পথৰ এই গাঁ‌তবোৰ ডেৰ-দুই ফুট দ’ আৰু তিনি-চাৰি ফুট ব্যাসাৰ্দ্ধৰ আকাৰৰ হৈ পৰিছে। এই গাঁ‌তবোৰত বৰষুণৰ পানী জমা হোৱাত সমগ্ৰ পথটোৱেই মৰণফান্দলৈ পৰ্যবসিত হৈছে।

অতি ব্যস্ত নগাঁও-ধিং-মৈৰাবাৰী গড়কাপ্তানি পথটোৰ আৰম্ভণিতে হয়বৰগাঁ‌ও হনুমান মন্দিৰৰ সন্মুখৰ পৰা ধিং গেইটৰ উৰণীয়া সেঁ‌তু পৰ্যন্ত আৰু উৰণীয়া সেঁ‌তুৰ এটা মূৰে ধিং গেইটত প্ৰায় ডেৰশ মিটাৰ পৰ্যন্ত আৰু উৰণীয়া সেঁ‌তুৰ আনটো মূৰে ধিং গেইটত প্ৰায় দুশ মিটাৰ দৈৰ্ঘ্যৰ পথ ভাগি দৃষ্টিকটু হৈ পৰিছে। পথৰ মাজত দুই ফুট দ’ আৰু চাৰি-পাঁ‌চফুট ব্যাসাৰ্দ্ধৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হৈছে। সম্প্ৰতি এই গাঁ‌তবোৰত পানী জমা হোৱাত উৰণীয়া সেঁ‌তুৰ দুই মূৰ পুখুৰী সদৃশ হৈছে। ফলত ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হৈছে।

আনহাতে, নগাঁও-ধিং গড়কাপ্তানি পথটোৰ সোণাই নদীৰ দলংখনৰ দুই মূৰেও প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হৈছে। পথটোৰ ভোমোৰাগুৰিৰ ওচৰত থকা দলংখনৰো দুই মূৰ যথেষ্ট তললৈ বহি যোৱাত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। আনহাতে, এই গাঁ‌তসমূহৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে। আনকি পথৰ বিধ্বস্ততাৰ সুযোগ লৈ দুৰ্বৃত্তই সঘনাই পথ ডকাইতি কৰাও পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, নগাঁও-ধিং গড়কাপ্তানি পথটোৰেই লাহৰীঘাট, মৈৰাবাৰী, ডুমডুমীয়া, শান্তিজান প্ৰমুখ্যে চহকী কৃষি বজাৰ সমূহৰ পৰা ধান, মৰাপাট আদি ৰপ্তানি হয়। লগতে এই পথৰেই দৈনিক শ শ ট্ৰাকে বিভিন্ন বজাৰৰ পৰা কৃষক ৰাইজৰ উৎপাদিত বিভিন্ন শাক-পাচলিও নগাঁও চহৰ, গুৱাহাটী মহানগৰ, উজনি অসম আনকি অসমৰ বাহিৰলৈকো ৰপ্তানি হয়।

আনহাতে, পথটোৰে নিতৌ ডিমাপুৰ, গুৱাহাটীৰ বাছ চলাচল কৰাৰ লগতে নগাঁও চহৰলৈ নিতৌ হেজাৰ হেজাৰ বিভিন্ন প্ৰকাৰৰ যান-বাহনৰ চলাচল হয়। তৎস্বতেও এই অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটি মেৰামতিৰ  ক্ষেত্ৰত চৰকাৰে  সদায় অনীহাহে প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, নগাঁও-ধিং গড়কাপ্তানি পথটো নগাঁও-কলিয়াবৰ সংসদীয় সমষ্টিৰ লগতে নগাঁও সদৰ, বটদ্ৰবা আৰু ধিং বিধান সভা সমষ্টিৰ অন্তৰ্গত। অতি গুৰুত্বপূৰ্ণ পথটোৰ উন্নতিকৰণৰ ক্ষেত্ৰত এই সাংসদ আৰু বিধায়কসকলৰ ভূমিকাক লৈ ৰাইজ মুঠেই সন্তুষ্ট নহয়। অন্যহাতে উক্ত পথটোৰ মেৰামতিৰ নামত ২০১৬-১৭ বৰ্ষত গড়কাপ্তানি বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলে ডেৰ কোটিৰো অধিক টকা আবণ্টন দিছিল যদিও সংশ্লিষ্ট বিভাগে মেৰামতিৰ নামত সামান্য কাম কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।