• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিগাঁৱত এম এছ ডি পি আঁচনিৰ নামত আবণ্টিত ধনৰ লুণ্ঠন বিষয়া আৰু ঠিকাদাৰৰ

জহিৰুল ইছলাম by জহিৰুল ইছলাম
June 17, 2018 4:58 pm
129
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাত এম এছ ডি পি আঁচনি ৰূপায়ণৰ নামত ব্যপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ৰাজ্যখনৰ আন জিলা সমূহৰ লগতে মৰিগাঁও জিলাৰ উন্নয়ন খণ্ড সমূহৰ দৰিদ্ৰ সংখ্যালঘু জনগণৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে এম এছ ডি পি আঁচনিৰ অধীনত বহু লাখ টকাৰ অনুমোদন জনোৱা হৈছিল।

উল্লেখযোগ্য যে জিলাখনৰ উন্নয়ন খণ্ড সমূহৰ এলেকাধীন সংখ্যালঘু অধ্যুষিত গাঁৱত দৰিদ্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণ কৰি দিয়া, অংগনৱাড়ী কেন্দ্ৰ, শিক্ষা প্ৰতিষ্ঠানৰ অতিৰিক্ত শ্ৰেণীকোঠা, জিৰণি চ’ৰা, ছাত্ৰাবাস, মাৰ্কেট ছেড, ৰাজহুৱা শৌচাগাৰ, সমূহীয়া ভৱন, ৰাজহুৱা পুথিভঁৰাল আদি কেতবোৰ কামৰ উদ্দেশ্য এম এছ ডি পি আঁচনিৰ অধীনত বৃহৎ পৰিমাণৰ ধনৰাশি আবণ্টন দিয়া হৈছিল যদিও আঁচনি সমূহ ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা বিভাগৰ এম এছ ডি পি আঁচনিৰ অধীনত মৰিগাঁও জিলাৰ সংখ্যালঘু ৰাইজৰ বাবে ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ বাবদ ২০০৯-২০১০ বিত্তীয় বৰ্ষত ৫১৯৩ টা ইন্দিৰা আৱাস গৃহ নিৰ্মাণৰ বাবে ১৯৯৯.৩১ লাখ টকা আবণ্টন লাভ কৰিছিল। একেদৰে ২০১০-২০১১ বিত্তীয় বৰ্ষত ১২২৬.৮ লাখ টকাৰ আবণ্টন লাভ কৰিছিল। এই অনুমোদিত পুঁজিৰ মুঠ ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ আৰু মাত্ৰ ১০ শতাংশ ধন ৰাজ্য চৰকাৰৰ।

কিন্তু অতি পৰিতাপৰ বিষয় যে বহু দৰিদ্ৰ পৰিয়াল এনে জনকল্যাণমূলক আঁচনিৰ পৰা বঞ্চিত আছিল। ইয়াৰ উপৰিও একাংশই আৱাস গৃহ লাভ কৰিছিল যদিও সেইসমূহ বসবাসৰ মুঠেই উপযোগী নাছিল।

আনহাতে জিলাখনৰ সংখ্যালঘু এলেকাত সমূহীয়া ভৱন, ৰাজহুৱা শৌচাগাৰ আদি সহস্ৰাধিক নিৰ্মাণ কামৰ বাবে কেন্দ্ৰীয় চৰকাৰে এম এছ ডি পি আঁচনিৰ অধীনত বিগত ২০১৬-২০১৭ বৰ্ষৰ ৩১ মাৰ্চত ১,৮৬,২৩,০০০ টকা মোকলাই দিছিল বুলি জানিব পৰা গৈছে। কিন্তু চৰকাৰে এই বিশাল ধনৰাশিৰ আবণ্টন দিছিল যদিও সেই অনুপাতে কাম হোৱা নাছিল।

ইফালে স্থানীয় ৰাইজে কৰা অভিযোগ মতে একাংশ ৰাজনৈতিক নেতা আৰু ঠিকাদাৰে মিলি বিগত বৰ্ষকেইটাত চলাই আহিছিল লুণ্ঠনৰাজ। ফলত ভূক্তভোগী দৰিদ্ৰ সংখ্যালঘু ৰাইজে বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে।

Recent News

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd