ম’ৰেল পুলিচগিৰি অসমতো আৰম্ভ হ’ল : ৰাজপথত যুৱতীক কৰা অত্যাচাৰৰ দৃশ্য দেখি স্তম্ভিত হ’ল সচেতন নাগৰিক

Moral_Police

অসমত ক্ৰম বৰ্ধিত নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদ চাৰিওফালে হৈছে যদিও, এই ধৰণৰ ঘটনাবোৰ ইটোৰ পিছত সিটোকৈ ঘটিবলৈ ধৰিছে। এইবাৰ গোৱালপাৰাত ম’ৰেল পুলিচৰ দলে চলালে পথচাৰী নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ। আজি (৯ এপ্ৰিল) সংঘটিত এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যৰ সচেতন নাগৰিকসকলক এক প্ৰকাৰৰ হতচকিত কৰি তুলিছে।

সূত্ৰসমূহে দাবী কৰা মতে, গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী পাইকান-তুৰা ঘাইপথত আজি এদল উন্মত্ত যুৱকে নিজৰ পৰাকাষ্ঠাৰ সকলো সীমা চেৰাই গৈ এজন যুৱকৰ সৈতে গৈ থকা এগৰাকী যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰে। অত্যাচাৰীসকলে এই ঘটনাটোৰ ভিডিঅ’ও কৰে। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত নিমিষতে ভাইৰেল হৈ পৰে। ভিডিঅ’টো দেখাৰ পিছত ছ’চিয়েল মিডিয়াত ব্যাপক  প্ৰতিক্ৰিয়া হোৱা দেখা যায়।

জানিব পৰামতে, যুৱতীগৰাকী অসম-মেঘালয় সীমান্তৰ কাশী ঘাগ্ৰাৰ। তেওঁ কৃষ্ণাই বজাৰত বজাৰ কৰি আৰু ঔষধ-পাতি লৈ এজন যুৱকৰ সৈতে মটৰচাইকেলত ঘৰলৈ গৈ আছিল৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ বিবাহ ঠিক হৈ আছিল আৰু অলপতে দুয়ো বিয়াত বহাৰ কথা। গৈ থকাৰ মাজতে যুৱতীগৰাকীয়ে পাইকান-তুৰা ঘাইপথৰ কৃষ্ণাই ব্লকৰ কিছু নিলগত শালঝাৰত প্ৰস্ৰাৱ কৰিবলৈ বাইকৰ পৰা নামি যায়৷ সেই সময়তে হঠাৎ কেইগৰাকী মান যুৱকে অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তুলি কিয় অচিনাকি যুৱকৰ সৈতে যাব বুলি প্ৰশ্ন কৰে আৰু যুৱকজনক জধে-মধে প্ৰহাৰ কৰে৷ তেওঁলোকে মহিলাগৰাকীকো চোৰ-ডকাইতক মৰাৰ দৰে আটাইবোৰ লগ হৈ চৰ-গোৰ মাৰিবলৈ ধৰে। যুৱককেইজনৰ নিৰ্মম প্ৰহাৰত মহিলাগৰাকী চিৎকাৰ কৰি ঢলি মাটিত ঢলি পৰে৷

আনহাতে স্থানীয় সচেতন লোকসকলে এই অত্যাচাৰী তথা ম’ৰেল পুলিচগিৰি দেখুওৱা অপৰাধীকেইজনক ধৰি অতি শীঘ্ৰে কঠোৰ শাস্তি দিবলৈ আৰক্ষীক দাবী জনায়। স্থানীয় লোকসকলে এই ঘটনাক জঘন্য আৰু ঠাইখনৰ বদনাম কৰা ঘটনা বুলি কয়।

শেহতীয়া খবৰ মতে, আক্ৰমণৰ বলি হোৱা মহিলাগৰাকীৰ পৰিয়ালে কৃষ্ণাই থানাত গোচৰ দিছে আৰু আৰক্ষীয়ে ঘটনাত জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। আন কেইজনক বিচাৰ থকা বুলি জানিব পৰা গৈছে।