মৰ্মান্তিক : মণিপুৰত ভূমিস্খলনত একেটা পৰিয়ালৰ ৫টি শিশুকে ধৰি ৯জনৰ মৃত্যু

manipur-landslide-570x320

মণিপুৰত বুধবাৰে সংঘটিত এক মৰ্মান্তিক ঘটনাত টামেংলং নগৰৰ তিনি ঠাইত ভূমিস্খলনৰ ফলত ৯ জন লোকে প্ৰাণ হেৰুৱায়। নিহত সকলৰ ৭ গৰাকীয়ে শিশু।

ভূমিস্খলনত আহত সাতজনক টামেংলঙৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি প্ৰসাশনৰ ফালৰ পৰা জনোৱা হৈছে। আনহাতে নিহত ৭ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও দুটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য নিহত ৫টি শিশু টামেংলঙৰ ৪ নং ৱাৰ্ডৰ নিউ ছালেম অঞ্চলৰ একেটা পৰলিয়ালৰ সন্তান। ইয়াৰে দুটি কন্যা সন্তান আৰু আন তিনিটা পুত্ৰ সন্তান।

তদুপৰি টামেংলঙৰে ২ নং ৱাৰ্ডৰ নেইগাইলুৱাংত এটা ঘৰ খহি পৰাত মাক-পুতেক দুয়ো প্ৰাণ হেৰুৱাব লগীয়া হয়। আনহাতে লানঠাইলুং কামেইত ভূমিস্খলনত পোত যোৱা এটি কেঁচুৱা লৰা আন এটি ৩ বছৰীয়া ছোৱালীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং আৰু কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙেও উক্ত ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।