যুদ্ধভূমিত পৰিণত ত্ৰিপুৰা, বিজেপি সমৰ্থকক মাৰপিট কৰাৰ অভিযোগ চি পি আই (এম)ৰ বিৰুদ্ধে

আহত বিজেপি সমৰ্থক ৰানা সিনহা

আহত বিজেপি সমৰ্থক ৰানা সিনহা

নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে নিৰ্বাচনমুখী ত্ৰিপুৰা যুদ্ধভূমিত পৰিণত হৈছে। ৬০ টা বিধানসভা সমষ্টিত বিজেপিয়ে উলিওৱা বিজয় সংকল্প ৰেলিৰ সময়ত ধৰ্মনগৰ মহকুমাৰ সোনিচ্চাৰা এলেকাত এজন বিজেপি সমৰ্থক চি পি আই (এম) গুণ্ডাৰ হাতত গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে বিজেপি সমৰ্থক সকলে সোনিচ্চাৰা এলেকালৈ ৰেলি কৰি আগবাঢ়ি আহি থকা অৱস্থাত ৰানা সিনহা নামৰ এজন বিজেপি সমৰ্থকক অভিযোগ অনুসৰি চি পি আই (এম)ৰ কিছুমান গুণ্ডাই আক্ৰমণ কৰে।

চি পি আই (এম)ৰ অভিযুক্ত লোককেইজনক বিপুল চন্দা আৰু প্ৰদীপ চন্দা বুলি চিনাক্ত কৰা হৈছে। দুয়োদলৰে সমৰ্থকসকলৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহুকেইজন লোক আহত হয়।

ৰানা সিনহাৰ আঘাত গুৰুতৰ আছিল আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ নিয়া হয়। পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাজ্যৰ বাহিৰলৈ লৈ যোৱা হয়।

বিজেপিয়ে আহত ৰানা সিনহাক মাৰপিট কৰাৰ অভিযোগত চি পি আই (এম)ৰ দুজন সমৰ্থকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।