যোৰহাটত চাঞ্চল্য : অন্ধ বিদ্যালয়ৰ হোষ্টেলৰ পৰা নিৰুদ্দেশ ১৪জনকৈ ছাত্ৰ-ছাত্ৰী

JorhatBlindSchool

যোৱা নিশা যোৰহাট অন্ধ বিদ্যালয়ৰ পৰা কৰ্তৃপক্ষৰ অগোচৰে হঠাতে ১৪জনকৈ ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনা এটা পোহৰলৈ আহিছে। অৱশ্যে আৰক্ষীৰ তৎপৰতাত আজি ছাত্ৰ-ছাত্ৰীকেইজনৰ সন্ধান পোৱা গ’ল। বিদ্যালয়খনৰ পৰা এই ছাত্ৰ-ছাত্ৰীসকলে আজি যোৱা নিশা গোপনে বাহিৰ ওলাই নিজৰ নিজৰ ঘৰলৈ বুলি গুচি গৈছিল। কিন্তু বিদ্যালয় কৰ্তৃপক্ষৰ অজ্ঞাতে হোৱা এই গৃহ প্ৰস্থানত হতভম্ব হোৱা কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে।

লগে লগে যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (আইন-শৃংখলা) নন্দিনী কাকতীৰ তৎপৰতাত চাৰি-পাঁচ ঘণ্টাৰ ভিতৰত নিৰুদ্দেশ হোৱা ৮জন ছাত্ৰ আৰু ৬গৰাকী ছাত্ৰী তেওঁলোকৰ ঘৰ গৈ পোৱা বুলি নিশ্চিত কৰা হয়। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে তেওঁলোকৰ কিছুমান ঘৰ গৈ পোৱাৰ বিপৰীতে কিছুমানে বেলেগ বেলেগ বাছেৰে তেওঁলোকৰ ঘৰলৈ গৈ আছিল। “তেওঁলোকৰ ফটোবোৰ বহু পুৰণি আছিল, যিবোৰ নামভৰ্তিৰ সময়তে দিয়া, লগতে তেওঁলোকৰ অভিভাৱকৰ ফোন নন্বৰবোৰ আপডেইট নাছিল, যাৰ বাবে যোগাযোগ কৰাত ভীষণ অসুবিধা হৈছিল। অৱশেষত আমি এজনক বিচাৰি উলিওৱাৰ পিছত বাকীকেইজনৰ খবৰ লাভ কৰাত সুবিধা হয়।” এইদৰে কয় নন্দিনী কাকতীয়ে। তাৰ পিছতে যিসকল ঘৰ গৈ পোৱা নাছিল তেওঁলোকৰ অভিভাৱকক মাতি লৈ যাবলৈ কোৱা হ’ল।

আনহাতে কাকতীয়ে জনোৱামতে, বিদ্যালয়খনত বিজ্ঞানৰ শিক্ষক নাই, গণিতৰ শিক্ষক আৰু লাইব্ৰেৰিয়ানো নাই। তাৰোপৰি হোষ্টেলৰ সা-সুবিধা তেনেই পুতৌজনক। টেপত পানী নাথাকে। অন্যান্য কিছুমান সমস্যাও আছে। এইবোৰ অসুবিধাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলত থাকিব নিবিচাৰে।

যি নহওক ছাত্ৰ-ছাত্ৰীকেইজন তদাৰকী লোক থকাৰ পিছতো কেনেকৈ ৰাতি বাহিৰলৈ ওলাই যাবলৈ পালে আৰু তাৰ পিছতো কৰ্তৃপক্ষই গম নাপালে, তাত আচৰিত হৈছে স্থানীয় ৰাইজ।

মন কৰিব লগীয়া যে যোৱা ফেব্ৰুৱাৰিৰ ১৬ তাৰিখত বিদ্যালয়খনৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান, গণিত শিক্ষক নথকা আৰু অধ্যক্ষা সংগীতা বৰঠাকুৰৰ দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্য্যালয় চৌহদত প্ৰতিবাদত বহিছিল। উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে তেতিয়া সৰ্বাশিক্ষা অভিযানৰ অধীনত তেওঁলোকৰ বাবে শিক্ষকৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়াৰ লগতে অধ্যক্ষাগৰাকীক তেওঁৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দিছিল।