লক্ষ্য পৰিষদীয় নিৰ্বাচন : শাসক-বিৰোধী দলৰ কেইবাজনো মন্ত্ৰী-বিধায়কৰ হাফলং ভ্ৰমণ কাৰ্যসূচী

AGP (1)

প্ৰতিনিধিত্বমূলক চিত্ৰ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক দল  বিজেপিয়ে অঞ্চলটোত তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। পৰিষদীয় নিৰ্বাচনত শাসনভাৰ দখল কৰা তথা বিজেপি দলৰ সামগ্ৰিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে সোমবাৰে দুদিনীয়া ভ্ৰমণ সূচী লৈ হাফলঙত উপস্থিত হ’ব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙ।

দুদিনীয়া ভ্ৰমণসূচীৰে যাবলগীয়া মন্ত্ৰী শৰ্মাই বিভিন্ন কাৰ্যসূচীত অংশ ল’ব বুলি জানিব পৰা গৈছে। বিজেপি জিলা নেতৃত্বৰ লগত আলোচনাত মিলিত হোৱাৰ উপৰি পৰিষদীয় নেতাৰ লগতো বৈঠকত মিলিত হ’ব। আনহাতে জিলা বিভক্তকৰণ সম্পৰ্কত ইণ্ডিজেনাছ পিপুলচ ফ’ৰামৰ লগতো মন্ত্ৰী শৰ্মাই এখন গুৰুত্বপূৰ্ণ আলোচনা কৰিব।

উল্লেখ্য যে ডিমা হাচাওত সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে তথা ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে মন্ত্ৰী শৰ্মাই সোমবাৰে এশ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ কথা ঘোষণা কৰাৰো সম্ভাৱণা আছে।

আনহাতে মন্ত্ৰী শৰ্মাই হাফলঙৰ সমীপৱৰ্তী চাম্পাৰিদিচা ইক’ ট্যুৰিজমৰো বুজ ল’ব আৰু চাম্পাৰিদিচাতে নিশা অতিবাহিত কৰিব।

ইফালে শাসকাধীন বিজেপিৰ বাহিৰে জিলাখনৰ অন্যতম বিৰোধী ৰাজনৈতিক দল অসম গণ পৰিষদেও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।

সেই উদ্দেশ্যে হাফলঙত মঙলবাৰে অগপই এখন বিশাল কৰ্মী সমাৱেশ আয়োজন কৰিছে। এই কৰ্মী সমাৱেশৰ জৰিয়তে দলটোৱে আগন্তুক স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৰাইজৰ আস্থা লাভ কৰাৰ প্ৰচেষ্টা চলাব। সেই উদ্দেশ্যে দলটোৰ সভপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উক্ত সমাৱেশত উপস্থিত থাকিব।

আজি হাফলঙত সংবাদমেল পাতি এই কথা সদৰি কৰে অগপ হাফলং জিলা সমিতিৰ সভাপতি বকুল বড়ো আৰু অগপ যুৱ পৰিষদৰ সভাপতি বাবলু জহৰীয়ে। ডিমা হাচাওত এতিয়া অগপ দলৰ স্থিতি মজবুত বুলিও সংবাদমেলখনৰ জৰিয়তে তেওঁলোকে স্পষ্ট ৰূপত মন্তব্য কৰে।

উল্লেখনীয় যে ৰাজ্যত অগপ-বিজেপিৰ মিত্ৰতা আছে যদিও ডিমা হাচাওত কিন্তু অগপ-বিজেপি বিৰোধী শিবিৰত আছে। দুয়োটা দলে পৰিষদ নিৰ্বাচনত পৃথকে পৃথকে প্ৰাৰ্থিত্ব  প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।