NORTHEAST NOW (Assamese)

লখিমপুৰত বনবিভাগৰ অকৰ্মণ্যতাৰ বাবেই নলাত পৰি বনৰীয়া হাতীৰ মৃত্যু

November 22, 2017 9:48 am · এন ই নাও নিউজ ব্যুৰো, লখিমপুৰ:

বিগত ক্ৰমাগত তিনিটা দিনত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ঘটি থকাৰ পিছত আজি ক্ৰমাগত চতুৰ্থ দিনৰ বাবে বন বিভাগৰ গাফিলতিত আন এটা হাতীয়ে মৃত্যুক সাৱটি ল’লে লখিমপুৰ জিলাৰ ডিজু বাগিচাত। হাতীটোৰ কৰুণ মৃত্যু হয় চাহ বাগিচা কৰ্তৃপক্ষই এলিফেণ্ট কৰিড’ৰত খন্দা এটা নলাত পৰি। উল্লেখযোগ্য যে উক্ত এলিফেণ্ট কৰিড’ৰৰ সমীপতে বন বিভাগৰ কাৰ্যালয় অৱস্থিত যদিও নলা খন্দাক লৈ গুৰুত্ব নাছিল বন বিভাগৰ। স্থানীয় ৰাইজে বন বিভাগৰ অৱহেলাৰ ফলতেই হাতীটোৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে। আনহাতে ইটোৰ পিছত সিটো বনৰীয়া হাতীয়ে মৃত্যু সাৱটিব লগীয়া হোৱাৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছ অসমৰ সচেতন ৰাইজে। উল্লেখযোগ্য যে বন বিভাগৰ সম্পূৰ্ণ অৱহেলা আৰু অকৰ্মণ্যতাৰ বাবেই চাৰিটা দিনত পাঁচটাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাব লগীয়া হ’ল।

Related News