NORTHEAST NOW (Assamese)

লামডিঙত চোৰাংচিকাৰীক আটক

November 28, 2017 11:17 am · এন ই নাও নিউজ ব্যুৰো, লামডিং :
গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীজন।

লামডিং সংৰক্ষিত বনাঞ্চলত চিকাৰ কৰি থকা অৱস্থাতে এজন লোক আজি হাতে লোটে ধৰা পৰে বন বিভাগৰ হাতত। বন বিভাগৰ লোকে অভিযান চলাই আটক কৰে চোৰাংচিকাৰীজনক। আনহাতে বন বিভাগৰ লোকক দেখি আন ৫ জন চোৰাং চিকাৰী পলাই যায়। জানিব পৰা মতে এটা বনৰীয়া গাহৰি চিকাৰ কৰি হত্যা কৰিছিল চোৰাং চিকাৰী কেইজনে। বন বিভাগৰ লোকে  ঘটনাস্থলীৰ পৰা ৫টা বন্দুক, ৩খন দাৰ লগতে বহুতো গুলী উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

Related News