মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী পি অশোক গজপতি ৰাজুৱে আজি গুৱাহাটীৰ এছ অ’ এছ পথৰ কাষত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত সৰ্বমুঠ ১,২৩২ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ হ’বলগীয়া সংহত টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে।
ৰাজ্যখনৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে আজিৰ এই মুহূৰ্তটো এক ঐতিহাসিক মুহূৰ্ত বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই পদক্ষেপে ৰাজ্যখনৰ বিকাশৰ সম্ভাৱনীয়তাক আৰু অধিক আগবঢ়াই নিয়াৰ লগতে দক্ষিণ পূব এছিয়া দেশসমূহৰ সৈতে অৰ্থনৈতিক সম্বন্ধ আৰু অধিক উন্নতি কৰাৰ ক্ষেত্ৰত বহুলাংশে সহায় কৰিব বুলি কয়।
আগন্তুক ৩ আৰু ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে বিনিয়োগকাৰীসকলক অকৰ্ষিত কৰাৰ বাবে এই সন্মিলনখনৰ আয়োজন কৰিছে।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘আমি ৰাজ্যখনৰ সম্ভাৱনীয়তাখিনি প্ৰত্যক্ষ কৰাৰ বাবে ইতিমধ্যে বিনিয়োগকাৰী সকলক আমন্ত্ৰণ জনাইছো যাতে ৰাজ্যখনত বিনিয়োগেৰে লাভৱাম্বিত হোৱাৰ উপৰি ৰাজ্যখনৰ বিকাশত এক ইতিবাচক অৰিহণা আগবঢ়াব পৰা যায়।’
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী পি অশোক গজপতি ৰাজুৱে এন ডি এ চৰকাৰৰ দিনত বিগত তিনিবছৰত অসামৰিক পৰিবহণ খণ্ডই দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ দিশত লাভ কৰা দ্ৰুত বিকাশৰ কথা উল্লেখ কৰে। লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, ‘দেশীয় পৰিবহণ সেৱাত পৃথিৱীৰ ভিতৰত আমাৰ ৰাষ্ট্ৰখনে তৃতীয় স্থানত থকাৰ উপৰি এইখিনি সময়ত সমগ্ৰ বিশ্বৰ ভিতৰতে অসামৰিক বিমান পৰিবহণৰ বিকাশৰ ক্ষেত্ৰত দ্ৰুত বিকাশৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।’
উল্লেখযোগ্য যে ৯০,০০০ বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ হ’বলগীয়া নতুন সংহত টাৰ্মিনেল বিল্ডিঙত বিশ্বমানৰ বিমান যাত্ৰীৰ সা-সুবিধা থাকিব আৰু আটাইতকৈ ব্যস্ত সময়ত ৩১০০ বিমান যাত্ৰীৰ যাত্ৰা সুচল কৰাৰ ব্যৱস্থা থাকিব। এই বিল্ডিঙৰ অন্তৰ্ভাগত স্থানীয় হস্তশিল্প, সংস্কৃতি তথা ৰাজ্যখনৰ আকৰ্ষণীয় পৰ্যটন স্থলীসমূহৰ তথ্য অংকিত হ’ব।