শিক্ষামন্ত্ৰী-কৰ্মচাৰীৰ সংঘাত : এসপ্তাহৰ ভিতৰত নিলম্বনৰ বিষয়টোৰ তদন্তৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

শিক্ষামন্ত্ৰীৰে সংঘাতৰ পৰিণতিত অসম সচিবালয়ৰ নিলম্বিত কৰ্মচাৰী চন্দন কাকতিক ন্যায় প্ৰদানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এসপ্তাহৰ ভিতৰত নিলম্বনৰ বিষয়টোৰ তদন্ত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে সোমবাৰে অসম সচিবালয় সেৱা সন্থাৰ এখন বিশেষ বৈঠকত এই আশ্বাস প্ৰদান কৰিছে সোণোৱালে। মুখ্যমন্ত্ৰীয়ে লগতে চন্দন কাকতিয়ে উচিত বিচাৰ পাব বুলিও বৈঠকত মন্তব্য কৰে।

আনহাতে, সন্থাই বৃহস্পতিবাৰে চন্দন কাকতিৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছিল যদিও মুখ্যমন্ত্ৰীৰ এই আশ্বাসৰ পিছতে সচিবালয় সেৱা সন্থাই প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৰাজনৈতিক আক্ৰোশৰ বাবেই অসম সচিবালয়ৰ এগৰাকী কৰ্মচাৰী চন্দন কাকতি অপদস্থ তথা নিলম্বিত হ’বলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছিল অসম সচিবালয় সেৱা সন্থাই। সন্থাই মন্ত্ৰীগৰাকীৰ আচৰণৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ হস্তক্ষেপো দাবী কৰিছিল।

সন্থাৰ অভিযোগ অনুসৰি প্ৰাথমিক শিক্ষা বিভাগৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনীয় সহায়ক চন্দন কাকতিয়ে শক্তিমন্ত্ৰী তপন গগৈৰ চুপাৰিশ অনুসৰি বদলিৰ ফাইল এটা প্ৰস্তুত কৰাক কেন্দ্ৰ কৰিয়েই মন্ত্ৰী ভট্টাচাৰ্য কৰ্মচাৰীগৰাকীৰ ওপৰত খড়্গহস্ত হৈ পৰাৰ পিছত মন্ত্ৰীৰ নিৰ্দেশ অনুসৰিয়েই কৰ্মচাৰীজনক বৃহস্পতিবাৰে নিলম্বন কৰা হৈছিল।

অসম সচিবালয় সেৱা সন্থাই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সন্থাই সকীয়াই দি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছিল। সোমবাৰে মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছত সন্থাই আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছে।