শিলচৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজন ক্ৰিকেট জুৱাৰি

IMG-20180520-WA0012

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে অব্যাহত আছে জুৱাৰ ৰমৰমীয়া বেহা। ক্ৰিকেট খেলৰ জনপ্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট চক্ৰই মুনাফা আদায়ৰ বাবে প্ৰণয়ন কৰা আই পি এল জুৱাই সম্প্ৰতি বৰাক উপত্যকাকো উদ্বেগজনকভাৱে গ্ৰাস কৰিছে।

উল্লেখ্য যে শণিবাৰে নিশা গোপন খবৰৰ ওপৰত ভিত্তি কৰি শিলচৰ আৰক্ষীয়ে চহৰৰ মাজমজিয়াস্থিত মালুগ্ৰাম এলেকাৰ পৰা চাৰিজন ক্ৰিকেট আৰু তীৰ খেলৰ জুৱাৰিক আটক কৰে। দেওবাৰে শিলচৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে সদৰ আৰক্ষী চকীত সংবাদ মেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে।

অধীক্ষকগৰাকীয়ে লগতে কয়, ‘সম্প্ৰতি আই পি এল তথা ক্ৰিকেট জুৱাৰ খবৰ পোৱাৰ পিছতেই আৰক্ষী তৎপৰ হৈ পৰিছে। ধৃত কেইজনৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি ইয়াৰ বিৰুদ্ধে আৰু অভিযান চলাই জুৱাৰ লগত জড়িত আন আন লোকসকলকো শীঘ্ৰে আটক কৰা  হ’ব। ইতিমধ্যে ধৃত কেইজনৰ পৰা জুৱাত ব্যৱহাৰ কৰা ‌লেপটপ, মোবাইল, টিভি সহ বহুতো সামগ্ৰী জব্দ কৰা  হৈছে।‘

জুৱাৰ বেহা চলাই অহা ধৃত লোককেইজন ক্ৰমে অশোক আদিত্য, সুমন সিনহা, সুদীপ বিশ্বাস আৰু প্ৰীতম দাস বুলি আৰক্ষী অধীক্ষকজনে জনায়।

উল্লেখ্য যে চলিত বৰ্ষৰ আই পি এলৰ খেলসমূহ আৰম্ভ হোৱাৰ পৰাই অঞ্চলটোত এই জুৱাৰ বেহা চলাই আহিছিল মালুগ্রাম এলেকাৰ প্ৰীতম দাসে। ইফালে আৰক্ষীয়ে প্ৰীতম দাস সহিতে আন তিনিওজন লোককে শণিবাৰে ৰাতিয়েই সদৰ থানালৈ লৈ অনা হয়। ধৃত লোককেইজনৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।