NORTHEAST NOW (Assamese)

শিৱসাগৰত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

November 28, 2017 11:02 am · এন ই নাও নিউজ ব্যুৰো, শিৱসাগৰ :

আমচাং বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি আজি শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেইবাটাও দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে। সংগঠনটোৱে গুৱাহাটীৰ দাঁতি কাষৰীয়া আমচাং বনাঞ্চলত চলি থকা উচ্ছেদ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়। লগতে কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সংগঠনটোৰ নেতা বেদান্ত লস্কৰ আৰু ধৈৰ্য্য কোঁৱৰক শীঘ্ৰে মুক্তি দিবলৈও দাবী জনায়। উল্লেখযোগ্য যে আমচাঙত চলি থকা উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ অপৰাধত কৃষক মুক্তিৰ নেতা ক্ৰমে ধৈৰ্য্য কোঁৱৰ আৰু বেদান্ত লস্কৰক আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰিছিল। আজি তেওঁলোক দুয়োজনকে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

Related News