NORTHEAST NOW (Assamese)

শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকে কঁপালে ৰাজপথ : আত্মজাহ দিয়াত বাধা আৰক্ষী প্ৰশাসনৰ

July 26, 2018 5:46 pm · পার্শ্বজোতি গগৈ
ফাইল ফটো : কিছুদিন পূৰ্বে শিৱসাগৰত বেতন বঞ্চিত শিক্ষকৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে হতাহতিৰ মুহূৰ্ত। ফটো : পাৰ্শ্বজ্যোতি গগৈ

আজি ২৬ জুলাইত সমগ্ৰ অসমৰ লগতে শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকে পৰিয়ালসহ আত্মজাহ দিবলৈ সিদ্ধান্ত লৈছিল। পুৱাৰে পৰা শিৱসাগৰ পুখুৰীত আত্মজাহ দিয়াৰ উদ্দেশ্যে পৰিয়ালসহ ১৫৩০ গৰাকী শিক্ষক আহি উপস্থিত হৈছিল শিৱসাগৰৰ স্টেশ্যন চাৰিআলিৰ ট্ৰাইবেল সংঘৰ সন্মুখত।

ইফালে বেতন বঞ্চিত শিক্ষকৰ এই আত্মজাহ কাৰ্য্যসূচী প্ৰতিৰোধ কৰিবলৈ ৰাতিপুৱাৰে পৰা সষ্টম হৈ আছিল শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনী । শিৱসাগৰ পুখুৰী পাৰলৈ সোমোৱা সকলোবোৰ পথ বেৰিকেড দি বন্ধ কৰি দিছিল আৰক্ষীয়ে। পুখুৰীৰ চাৰিওপাৰত আৰক্ষী আৰু চি আৰ পি  এফ বাহিনী মোতায়েন কৰা হৈছিল।

বৃহস্পতিবাৰে শিৱসাগৰৰ ৰাজপথত বেতন বঞ্চিত শিক্ষকৰ প্ৰতিবাদ। ফটো : পাৰ্শ্বজ্যোতি গগৈ

দিনৰ প্ৰায় ১১ বজাত ১৫৩০ গৰাকী শিক্ষকে পৰিয়ালসহ আত্মজাহ দিবলৈ টাই বিকাশ কেন্দ্ৰৰ সন্মুখেৰে আগবাঢ়ে শিৱসাগৰ পুখুৰীৰপাৰলৈ। সেই সময়ত তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে শিক্ষকসকলক বাধা প্ৰদান কৰে আৰু আৰক্ষীৰ লগত শিক্ষকসকলৰ হতাহতি হয়। আৰক্ষীৰ বাধা নেওচি শিক্ষক আৰু তেওঁলোকৰ পৰিয়াল আগবাঢ়ি যায় শিৱসাগৰ পুখুৰীৰ দিশলৈ। আৰক্ষীৰ বেৰিকেড ভাঙি পুখুৰীৰ ফালে যাব বিচাৰে যদিও আৰক্ষী বাধা দিয়ে এই সকল শিক্ষকক।

ঘটনাস্থলীত উপস্থিত থকা বহু কেইজন জাতীয় সংগঠনৰ নেতাই শিক্ষকসকলক বুজাবলৈ চেষ্টা কৰে যদিও শিক্ষকসকল নিজৰ সিদ্ধান্তত অটল থাকে। শিক্ষকসকলৰ কণ কণ ল’ৰা- ছোৱালীয়েও প্ৰতিবাদ সাব্যস্ত কৰা দেখা গল আৰু আৰক্ষীৰ বেৰিকেড ভাঙি শিৱসাগৰ পুখুৰীত আত্মজাহ দিবলৈ চেষ্টা কৰিলে৷

অৱশেষত শিৱসাগৰৰ আৰক্ষী অধীক্ষক, আটাছুৰ উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ লগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছুকে ধৰি বিভন্ন দল সংগঠনৰ নেতাই  বহু চেষ্টাৰ অন্তত শিক্ষকসকলক জিলা প্ৰশাসনৰ লগত বৈঠকত বহিবলৈ মান্তি কৰায়। শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষৰ উপস্থিতিত আন আন প্ৰশাসনিক বিষয়া, জাতীয় দল-সংগঠনৰ নেতাৰ লগতে বেতন বঞ্চিত শিক্ষকসকল আৰু অসমৰ বহু কেইটা শিক্ষক সংগঠনৰ  মাজত বৈঠক অনুস্থিত হয়।

বৈঠকৰ অন্তত বেতন বঞ্চিত শিক্ষকৰ সম্পাদক বসন্ত নেওগে জনায় যে জিলা প্ৰশাসনক তেওঁলোকে ৭ দিনৰ সময় সীমা বান্ধি দিছে।  জিলা প্ৰশাসনে ৭ দিনৰ ভিতৰত অসম চৰকাৰে এইসকল বেতন বঞ্চিত শিক্ষকৰ মাজত  এখন বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। আৰু আজিৰ আত্মজাহৰ কাৰ্য্যসূচী সাময়িকভাৱে স্থগিত ৰাখে।

 

Related News