শুকুৰবাৰৰ পৰা ডাঃ টি আও স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা  

Representative image

দুভৰিৰ যাদুৰে ফুটবল প্ৰেমীক মোহাচ্ছন্ন কৰা উত্তৰ-পূব ফুটবলাৰ কিংবদন্তি ডাঃ টি আওৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজিত ডাঃ টি আও এন ই চি ২১ অনুৰ্ধ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখন শুকুৰবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব।

ইতিমধ্যে বুধবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ছিকিমৰ দলকেইটা।

ইফালে কালি উপস্থিত হৈয়ে বিয়লিভাগত নাগালেণ্ড আৰু অৰুণাচলৰ খেলুৱৈসকলে নেহৰু ষ্টেডিয়ামত অনুশীলন কৰা পৰিলক্ষিত হয়।

আনহাতে আয়োজক সমিতিয়ে জানিব দিয়া মতে আজি গুৱাহাটীত উপস্থিত হ’ব উত্তৰ-পূবৰ আন দুটা দল মণিপুৰ আৰু ত্ৰিপুৰা। আনহাতে ঘৰুৱা দল অসমে ইতিমধ্যে কিছুদিনৰ পৰা গুৱাহাটীতে বাহৰ পাতি আছে।

উল্লেখ্য যে শুকুৰবাৰে ছাই ফিল্ডত প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক শুভাৰম্ভণি হ’ব। আয়োজকসকলে জানিব দিয়া অনুসৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিব ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ব্ৰুনো কুটিনহোৱে।

আনহাতে সামৰণিৰ দিনা উপস্থিত থাকিব ফুটবলৰ আন এগৰাকী তাৰকা মণিপুৰৰ বেনেডী সিং।

জানিব পৰা অনুসৰি ছকিম দলটোক প্ৰতিনিধিত্ব কৰা অধিকাংশ খেলুৱৈ বাইছুং ভূটীয়া একাডেমীৰ প্ৰশিক্ষাৰ্থী।

আনহাতে আজি বিয়লি আয়োজক সমিতিয়ে বিভিন্ন লোকৰ উপস্থিতিত প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাবে উন্মোচন কৰিব।