পেঙেৰীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনিচুকীয়াৰ ছাত্ৰ নেতা বিশ্বজিৎ বৰা

The ill feted vehicle

এটা শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনিচুকীয়াৰ ছাত্ৰ নেতা বিশ্বজিৎ বৰা।  আজি দুৰ্ঘটনাটো সংঘটিত হয় পেঙেৰী অঞ্চলৰ অম্বিকাপুৰৰ সমীপত।

বিশ্বজিৎ বৰা আছিল তিনিচুকীয়া  জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বত ।  নিহত তিনিচুকীয়াৰ ছাত্ৰ নেতা বিশ্বজিৎ বৰাৰ ঘৰ আছিল তিনিচুকীয়া জিলাৰ কাকপথাৰত।

দুৰ্ঘটনাটোত আন তিনিজন লোকো গুৰুতৰভাবে আহত হয়।

আহত লোক কেইজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে। লোক কেইজন হ’ল ডিগবৈ টিংৰাইৰ টংকেশ্বৰ শইকীয়া, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰজ্যোতি শইকীয়া আৰু এজন গাড়ীচালক।

মনকৰিবলগীয়া যে উক্ত লোককেইজন এএছ২৩ আৰ ৮৭০০ নম্বৰৰ ইন্ডিকা গাড়ীখনত আছিল। জানিব পৰা মতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত দ খাৱৈত বাগৰি পৰে। যাৰ ফলত এজন নিহত হোৱাৰ লগতে আন তিনিজনলোক আঘাত প্ৰাপ্ত হয়।

জানিব পৰা মতে ছাত্ৰ নেতাকেইজন তিনিচুকীয়াৰ বৰডুমচাত চলি থকা অসম সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গৈ থকা অৱস্থাতে অধিৱেশনস্থলী পোৱাৰ দুই কিলোমিটাৰ মান আগতে এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

এইখিনিতে এটা মনকৰিবলগীয় কথা যে বিভিন্ন ঠাইৰ পৰা সাহিত্য সভা অধিৱেশনলৈ আহিবলগীয়া নিমন্ত্ৰিত ব্যক্তি তথা দৰ্শনাৰ্থীসকলে ৰাজপথৰ দুৰৱস্থাৰ বাবে ভয়াবহ সমস্যাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে।

পথ সমূহ মেৰামতি কৰাৰ বাবে নিয়োজিত ঠিকাদাৰ সকলৰ ভূমিকাক লৈও বিভিন্নজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।