ৰেৱতী ফুকনক অপহৰণ কৰি শ্বিলঙলৈ নিয়া হৈছে নেকি? প্ৰিয়বন্ধু পৰেশ বৰুৱাই কি ক’ব?

31189643_1942875795725254_5465004773562384384_n-570x320

পিচিজিৰ সদস্য তথা প্ৰাক্তন ফুটবল খেলুৱৈ আৰু আলফা (স্বা:)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ ৰেৱতী ফুকন নিৰুদ্দিষ্ট হৈ থকাৰ পিছত আজি তেওঁ শ্বিলঙত থকা বুলি ওলোৱা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শ্বিলঙত থকা চিআৰপিএফ শিৱিৰৰ ড০ গেব্বিয়েল নামৰ চিকিৎসক এজনে মঙলবাৰে যোৰহাটৰ আমিৰ হাজৰিকা নামৰ সাংবাদিকজনক হোৱাটছএপ যোগে ৰেৱতী ফুকন শ্বিলঙত থকা বুলি জনাইছিল। উক্ত চিকিৎসকজনে এই বুলি জনাইছিল যে ৰেৱতী ফুকন চিআৰপিএফৰ ওচৰত আছে।

জানিব পৰা মতে আৰক্ষীয়ে যোৰহাটৰ সাংবাদিকজনক সোধ-পোছ কৰাৰ পিছত আজি চিকিৎসকজনক সোধ-পোছৰ বাবে আনিছে।

এতিয়া প্ৰশ্ন হৈছে ৰেৱতী ফুকনক অপহৰণ কৰি শ্বিলঙলৈ লৈ যোৱা হৈছিল নেকি?

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে নৰ্থইষ্ট নাওক জনোৱা মতে তেওঁ এতিয়া হাস্পাতলত আছে নে ক’ত আছে সঠিক খৱৰ পোৱা নাই। হোৱাটছ এপ যোগে জনোৱা হিচাপে তেওঁ চিআৰপিএফৰ জিম্মাতে থাকিব পাৰে বুলি ব্যক্ত কৰে কৌশিক ফুকনে।

ৰেৱতী ফুকন কেনেকৈ চিআৰপিএফৰ হাস্পাতালত থাকিব পাৰে বুলি সোধাত ফুকনৰ পুত্ৰ কৌশিকে কয় যে চিকিৎসকজনে দেউতাকৰ চিকিৎসা কৰাৰ সূত্ৰে কথাটো জানিব পাৰে।

আলফাৰ (স্বা:) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে এটা সু-সম্পৰ্ক থকাৰ লগতে তেওঁ শান্তি আলোচনা বিচাৰিছিল। গতিকে চিআৰপিএফে অপহৰণ কৰি নিয়া বুলি ভাৱে নেকি বুলি সোধাত কৌশিক ফুকনে কয় যে এমাহ ধৰি নাই যেতিয়া অপহৰণ বুলিয়েই ধৰিব লাগিব। অৱশ্যে কি কাৰণত নিছে সেয়া গম পোৱা নাই বুলি তেওঁ জনায়।

কৌশিক ফুকনে এইক্ষেত্ৰত কয় যে চিকিৎসকজনৰ স্বীকাৰোক্তিলৈ আমি অপেক্ষা কৰা ভাল হ’ব।

আনহাতে, শ্বিলঙৰ চিকিৎসকজনক গীতানগৰ থানালৈ অনা বুলি ওলোৱা এক বাতৰি অস্বীকাৰ কৰিছে থানাখনে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে চিকিৎসক গেব্বিয়েলক কাহিলীপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাত ৰাখি সোধ-পোছ কৰি থকা হৈছে।

এতিয়া ৰেৱতী ফুকনৰ ঘনিষ্ঠ বন্ধু তথা আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এইক্ষেত্ৰত কি কয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

উল্লেখযোগ্য যে ৰেৱতী ফুকন নিৰদ্দেশ হোৱাৰ পিছতে পৰেশ বৰুৱাই তেওঁৰ একালৰ সতীৰ্থৰ পিনে আঙুলি টোৱাইছিল। ন্যস্ত স্বাৰ্থৰ বাবে অৰবিন্দ ৰাজখোৱা বাহিনীয়ে ৰেৱতী ফুকনক অপহৰণ কৰিব পাৰে বুলিও একাংশ সংবাদ মাধ্যমৰ আগত সন্দেহ ব্যক্ত কৰিছিল পৰেশ বৰুৱাই।