শৰণাৰ্থীৰ সমস্যাৰ  স্থায়ী নিষ্পত্তিৰ  দাবী নেপালস্থিত ভুটীয়া শৰণাৰ্থী প্ৰতিনিধিৰ

Bhutanese-refugees-570x320

নেপালৰ শৰণাৰ্থী শিবিৰত ভুটানৰ নৰসংহাৰৰ বলি ভুটীয়া শৰণাৰ্থী

ভুটানত ১৯৯০ৰ দশকত সংঘটিত জনগোষ্ঠীয় সংঘৰ্ষৰ বলি হৈ তথা ভুটানৰ ৰজা জিগমে ছিংগে ৱাংচুকে আৰম্ভ কৰা জনগোষ্ঠীয় উৎখাতকৰণ পৰা ভুটানত ১৯৯০ৰ দশকত সংঘটিত জনগোষ্ঠীয় সংঘৰ্ষৰ বলি হৈ তথা ভুটানৰ ৰজা জিগমে ছিংগে ৱাংচুকে আৰম্ভ কৰা জনগোষ্ঠীয় উৎখাতকৰণ পৰা (ethnic cleansing) সাৰি আহি নেপালত আহি আশ্ৰয় গ্ৰহণ কৰি থকা নেপালী ভাষী ভুটীয়া শৰণাৰ্থী শিবিৰৰ এটা প্ৰতিনিধি দলে নেপাল চৰকাৰৰ পৰা এটা স্থায়ী সমাধান দাবী কৰিছে।
ভুটীয়া শৰণাৰ্থীৰ এটা প্ৰতিনিধি দলে তিনিদিন আগতে নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ গৈ তেওঁলোকৰ সমস্যাৱলীৰ প্ৰতি নেপাল চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। দলটোৱে নেপালৰ গৃহ মন্ত্ৰী ৰাম বাহাদুৰ থাপা, বিদেশ মন্ত্ৰী প্ৰদীপ গয়ালী শৰণাৰ্থীৰ হকে নেপালস্থিত ৰাষ্ট্ৰসংঘৰ উচ্চায়ুক্ত মিনাকো কাকুমা, গৃহ সচিব প্ৰেম কুমাৰ ৰাই আৰু শৰণাৰ্থী সমন্বয় গোট অবৰ সচিব মুনকা নিউপানক সাক্ষাৎ কৰে।
প্ৰতিনিধি দলটোৱে শৰণাৰ্থীসকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ লগতে এখন তৃতীয় ৰাষ্ট্ৰত পুনৰ্বাসনৰো দাবী তোলে। তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছে স্থানীয়কৰণ, আন্তঃজাতীয়কৰণ আৰু যি সকলক পূৰ্বতে বাদ দিয়া হৈছিল তেওঁলোকৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ নবীকৰণ ইত্যাদি।
চৰকাৰী প্ৰতিনিধি, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক সাক্ষাত কৰি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে হেঁচা দিয়া প্ৰতিনিধি দলটোত আছে মোৰাংস্থিত পথৰী-শনিশ্চৰে শিবিৰৰ সম্পাদক চেম্পা সিং ৰাই, বেলদাংগি শিবিৰৰ সম্পাদক ৰাছাইলি আৰু পূৰ্বৰ সম্পাদক য়ুৱৰাজ ছাংপাং ৰাই আৰু বহুতো।

বাছি  নেপালত আহি আশ্ৰয় গ্ৰহণ কৰি থকা নেপালী ভাষী ভুটীয়া শৰণাৰ্থীসকলে নেপাল চৰকাৰৰ পৰা এটা স্থায়ী সমাধান দাবী কৰিছে।