ষ্টাৰ মাৰ্ক লাভ কৰিও ফেইল : বিষয় শিক্ষকৰ অন্যায় নে ছেবাৰ গণ্ডগোল!

MarkSheet

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এইবাৰ প্ৰায় ত্ৰুটিহীনভাৱে ঘোষণা কৰা হ’ল যদিও শেহতীয়াকৈ কৰিমগঞ্জ জিলাৰ এখন বিদ্যালয়ৰ এজন ছাত্ৰৰ নম্বৰ তালিকাই সন্দেহৰ উদ্ৰেক কৰিছে। জানিব পৰা মতে তনবীৰ হুচেইন নমৰ এই ছাত্ৰজনে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ নেতাজীনগৰ হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

তেওঁৰ চেণ্টাৰ নম্বৰ আৰু ৰোল নম্বৰ আছিল ক্ৰমে B18-484, 0259। ঘোষিত ফলাফলমতে মেধাৱী ছাত্ৰজনে ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে তিনিটাকৈ বিষয়, ক্ৰমে, বেংগলী, সাধাৰণ বিজ্ঞান আৰু আৰবীত লেটাৰ মাৰ্ক পাইছে। কিন্তু তৎসত্ত্বেও তেওঁ মেট্ৰিকৰ ডেওনা পাৰ নহ’ল। ফেইল বুলি দেখুওৱা হৈছে ছাত্ৰজনক। কাৰণটো হ’ল তেওঁ ইংৰাজীত থিয়ৰিত ৮০ ৰ ভিতৰত ৫৭ নম্বৰ পাইছে যদিও IA/PR Marks পাইছে মাত্ৰ ২, যিটো নম্বৰ বিদ্যালয়ৰ বিষয় শিক্ষকে প্ৰদান কৰে।

মেধাৱী ছাত্ৰজনৰ এই দুৰ্ভাগ্যৰ বাবে দায়ী কোন বুলি সচেতন লোকসকলে প্ৰশ্ন কৰিছে। আনহাতে এয়া বিদ্যালয়খনৰ সংশ্লিষ্ট শ্ৰেণী শিক্ষকজনৰ চক্ৰান্ত নেকি বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু ছাত্ৰজনৰ আত্মীয়সকলে। মেধাৱী ছাত্ৰ এজনে, যিজনে ইংৰাজী বিষয়ত ৮০ ৰ ভিতৰত ৫৭ নম্বৰ লাভ কৰিছে অভ্যন্তৰীণ মূল্যায়ন/প্ৰেক্টিকেলত ২ নম্বৰহে পোৱাটো বিশ্বাসযোগ্য নে?

বিষয়টোক লৈ ছ’চিয়েল মিডিয়াতো চৰ্চা হোৱা দেখা গৈছে। IA/PR Marks ব্যৱস্থাটোৰ প্ৰকৃত উদ্দেশ্যৰ পৰিৱৰ্তে ই শ্ৰেণী বা বিষয় শিক্ষকৰ ভালপোৱা/বেয়াপোৱাৰ প্ৰকাশৰ মাধ্যম হৈ পৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।