সদনত গৃহীত হ’ল ২০১৮-১৯’ বিত্তীয় বৰ্ষৰ বাজেট : সংখ্যালঘুৰ ধনক লৈ শাসক-বিৰোধীৰ বিতৰ্ক

assam-assembly

২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট প্ৰাক্‌কলন বুধবাৰে সদনত গৃহীত হয়। বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৮-১৯ চনৰ বিত্তীয় বৰ্ষৰ বাবে অসম বিনিয়োজন (নং-২) অধিনিয়ম, ২০১৮ বিধানসভাত বিবেচনাৰ বাবে উত্থাপন কৰে।

সদনত ইতিমধ্যে বাজেট বিতৰ্ক শেষ হৈছিল আৰু যোৱা কেইদিনত শাসক আৰু বিৰোধী সদস্যসকলে বাজেটখনৰ সপক্ষে আৰু বিপক্ষে বিতৰ্কত অৱতীৰ্ণ হৈ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিছিল।

বুধবাৰে কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে অভিযোগ উত্থাপন কৰে যে অসম সংখ্যালঘু উন্নয়ন পৰিষদলৈ ২০১৭-১৮ বিত্তীয় বৰ্ষত আবণ্টিত ধন এতিয়াও মোকলাই দিয়া নাই।

মন্ত্ৰী পাটোৱাৰীয়ে সংখ্যালঘু উন্নয়নৰ বাবে বিভিন্ন শিতানত ধন মোকলাই দিছে বুলি সদনক জনোৱা সত্ত্বেও সেয়া সত্য নহয় বুলি খালেকে অভিযোগ কৰি সংখ্যালঘু উন্নয়ন পৰিষদে  এপইচাও লাভ কৰা নাই বুলি প্ৰতিবাদ মুখৰ হৈ পৰে।

আনহাতে, পাটোৱাৰীয়ে  সম্পূৰ্ণ তথ্য প্ৰকাশ কৰি সংখ্যালঘু উন্নয়ন পৰিষদলৈ ২০১৭ চনৰ ১৫ ডিচেম্বৰত ৫ লাখ আৰু ১৬ ডিচেম্বৰত ২০ লাখ, চলিত বৰ্ষৰ ২ফেব্ৰুৱাৰীত ৫লাখ আৰু ৩ মাৰ্চত ৪২ লাখ টকা মোকলাই দিয়াৰ কথা সদৰি কৰে।

মন্ত্ৰী গৰাকীয়ে যোগ্য বুলি বিবেচিত আঁচনিৰ ক্ষেত্ৰতহে ধন মোকলাই দিছে বুলি উল্লেখ কৰি পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমানৰ চৰকাৰে কোনো বাছ-বিচাৰ নকৰাকৈ যধে-মধে আঁচনিৰ ধন মোকলাই দি ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাটো নিবিচাৰে বুলি কয়।

ইপিনে, অগপৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে খালেকে সদনত বিপথে পৰিচালিত কৰিছে বুলি উল্লেখ কৰি কয় যে বিধায়কজনে অসত্য কথা কৈছে আৰু সদনক ভুল তথ্য দিছে।

চৌধুৰীয়ে অধ্যক্ষই সদস্যগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব জানিব বিচাৰে।

ইয়াৰ পিছতে কংগ্ৰেছৰ বিধায়কসকলে চৌধুৰীৰ মন্তব্যৰ প্ৰতিবাদ জনাই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিপৰীতে,শাসকীয় দলৰ বিধায়কসকলেও খালেকে সদনক বিপথে পৰিচালিত কৰা ঘটনাক গৰিহণা দিয়ে।

বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিষয়টোত হস্তক্ষেপ কৰি উভয় পক্ষকে শান্ত কৰে।

ইয়াৰ পিছতে অসম বিনিয়োজন (নং-২) অধিনিয়ম, ২০১৮ বিধানসভাৰ সন্মতি সাপেক্ষে সদনত গৃহীত কৰা হয়।