সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু গুৱাহাটী উন্নতি সভাৰ উদ্যোগত ‘আশাৰ অসম, ইতিবাচক চিন্তা’

২০১৭ বৰ্ষৰ কিছু ইতিবাচক ঘটনা-পৰিঘটনাৰ ওপৰত আলোকপাত কৰিবলৈ গুৱাহাটী আছু আৰু গুৱাহাটী উন্নতি সভাই সন্মিলিতভাৱে আয়োজন কৰিছে ‘আশাৰ অসম, ইতিবাচক চিন্তা’ শীৰ্ষক অনুষ্ঠান। অহা ২৯ ডিচেম্বৰত দিনৰ ২ বজাত উজান বজাৰত থকা বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানটো অনুষ্ঠিত হ’ব বুলি গুৱাহাটী আছুৰ তৰফৰ পৰা এন ই নাওক জনাইছে। অনুষ্ঠানটোত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত বিগত বৰ্ষটোত হোৱা ইতিবাচক পৰিৱৰ্তনবোৰৰ সংক্ষিপ্ত আলোচনা আগ বঢ়াবলৈ গুৱাহাটী আছুৱে বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰা বুলি আমাক জনাইছে। তেওঁলোকৰ ভিতৰত হ’ল : ৰাজনীতি :- উৎপল বৰুৱা, বিশিষ্ট সাংবাদিক, শিক্ষা আৰু বিজ্ঞান :- ড০ সত্যকাম বৰঠাকুৰ, প্ৰাধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, সংস্কৃতি :- অতুল্য মাধৱ গোস্বামী, বিশিষ্ট সাংবাদিক, অৰ্থনীতি :- ড০ সুৰজিৎ ভাগৱতী, অধ্যাপক, নগাওঁ মহাবিদ্যালয়, সাহিত্য :- অংকুৰ ডেকা, বিশিষ্ট নিবন্ধকাৰ আৰু ক্ৰীড়া :- প্ৰেমধৰ শৰ্মা।

উক্ত অনুষ্ঠানটোত সকলো পক্ষৰে উপস্থিতি কামনা কৰিছে গুৱাহাটী আছুৱে।