• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সদ্যসমাপ্ত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব মে মাহত: উত্তৰবহী নিৰীক্ষণ আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 11:00 am
representative image
190
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অহা মে মাহত ঘোষণা কৰা হ’ব বুলি অসম মাধ্যমিক শিক্ষা পৰিষদ  চমুকৈ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই শুকুৰবাৰে এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে সম্পন্ন হোৱা মেট্ৰিক পৰীক্ষাৰ উত্তৰবহী নিৰীক্ষণ প্ৰক্ৰিয়া ইতিমধ্যে শুকুৰবাৰৰ পৰা পৰা আৰম্ভ হৈছে।

উত্তৰবহী নিৰীক্ষণ প্ৰক্ৰিয়া সম্পৰ্কত পৰীক্ষা নিয়ন্ত্ৰক শৰ্মাই জনোৱা মতে,  সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ উত্তৰ বহীসমূহ নিৰীক্ষণ কৰাৰ বাবে ৩৪টা মণ্ডলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

আনহাতে, ১১টা মণ্ডলত গণিতৰ উত্তৰবহী  ডিজিটেল প্ৰক্ৰিয়াৰে নিৰীক্ষণ কৰা হ’ব বুলিও শৰ্মাই জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছেবাৰ কিছু সংস্কাৰ সাধন কৰি হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত কেতবোৰ নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ লগতে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰীক্ষাৰ উত্তৰবহী নিৰীক্ষণ কৰা হ’ব বুলিও প্ৰকাশ কৰিছিল।

কিন্তু তাৎপৰ্যমূলক কথা যে শিক্ষা মন্ত্ৰীৰ ঘোষণা তথা ডিজিটেল প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা নহ’ল। কেবল গণিত বিষয়ৰ উত্তৰবহীহে ডিজিটেল প্ৰক্ৰিয়াৰে নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ছেবাই।

মূলতঃ পুঁজিৰ অভাৱতে সকলো বিষয়ৰ উত্তৰবহী ডিজিটেল প্ৰক্ৰিয়াৰে নিৰীক্ষণ কৰিব পৰা নহ’ল বুলি ছেবাই প্ৰকাশ কৰে।

ইয়াৰ উপৰি পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে জানিবলৈ দি কয় যে অহা বৰ্ষৰ পৰাহে পৰীক্ষাৰ সকলো বিষয়ৰ উত্তৰবহী ডিজিটেল প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হ’ব। কিয়নো নিৰীক্ষণ প্ৰক্ৰিয়া যথেষ্ট ব্যয়বহুল। ইয়াৰ বাবে বৰ্তমান ছেবাৰ প্ৰয়োজনীয় সমল নাই।

শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিজিটেল নিৰীক্ষণৰ কথা ঘোষণা কৰাৰ বিপৰীতে ছেবাই প্ৰয়োজনীয় সমল নাই বুলি কৰা মন্তব্যই শিক্ষা ব্যৱস্থাৰ ভেঙুচালিকে পুনৰ উদঙাই দিছে।

আনহাতে ৰাজ্য চৰকাৰে বহী নিৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে কোনো ধৰণৰ পুঁজি মোকলাই নিদিয়া বুলিও মন্তব্য কৰে নয়ন জ্যোতি শৰ্মাই।

আনহাতে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ মুঠ ৩ লাখ ৫৩ হেজাৰ ৫৩৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd