সন্ধানহীন ৰেৱতী ফুকন : ডি জি পিক সাক্ষাৎমটক,মৰাণৰ দুই ছাত্ৰ সংগঠনৰ

ৰেৱতী-ফুকন

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে ঘনিষ্ঠ তথা আলফা চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ এমাহ পাৰ হোৱাৰ পাছতো অসম আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলন আৰু সদৌ মৰাণ ছাত্ৰ সন্থাই।

গুৱাহাটীৰ গীতানগৰৰ পৰা যোৱা ২২ এপ্ৰিলৰ পুৱাৰে পৰা সন্ধানহীন হোৱা ৰেৱতী ফুকনৰ উদ্ধাৰৰ দাবী জনাই শনিবাৰে উক্ত দুয়োটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে গুৱাহাটীত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই সাক্ষাৎ কৰে।

আলফা চৰকাৰৰ মাজত আলোচনা কৰাৰ মধ্যস্থতাকাৰী ৰূপে থকা ব্যক্তিজনৰ সন্ধান শীঘ্ৰে উলিয়াবলৈ আৰক্ষী সঞ্চালক প্ৰধানজনক আহ্বান জনায়।

সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলনৰ সম্পাদক আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক নৱ মৰাণৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে সঞ্চালকজনৰ আগত ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সমালোচনা কৰে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বিষয়টো যথেষ্ট গুৰুত্বসহকাৰে লোৱা বুলি সংগঠনৰ প্ৰতিনিধিসকলক জানিবলৈ দিয়ে।