সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ দাবীত উত্তৰ-পূব সীমান্ত ৰেইলৱে’ মজদুৰ য়ুনিয়নৰ ধৰ্মঘট

railway hunger strike

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ডিব্ৰুগড় শাখাৰ মজদুৰ ইউনিয়নে মঙলবাৰে সপ্তম দৰমহা আয়োগৰ স্বৰ্তসমূহ বলৱৎ কৰাৰ দাবী উত্থাপন কৰি ৭২ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ইউনিয়নৰ মতে তেওঁলোকে সপ্তম দৰমহা আয়োগৰ অনুমোদিত কাৰকসমূহ বলৱৎ কৰাৰ পাছত  নিম্নতম মজুৰি আৰু ফিটমেণ্ট আৰু ৰাষ্ট্ৰীয় পেনশ্যন আঁচনিৰ অন্তৰ্গত সকলো কৰ্মচাৰীকে তেওঁলোকৰ নিয়োগৰ তাৰিখ নিৰ্বিশেষে পেনশ্যন আৰু পৰিয়ালৰ পেনশ্যন নিশ্চিতকৰণ কৰিবলৈ  চৰকাৰক অনুৰোধ জনাইছিল।

‘চৰকাৰক আমাৰ যথাৰ্থ দাবী মানি ল’বলৈ জোৰ কৰাৰ বাবে ৭২ ঘণ্টীয়া অনশন ধৰ্মঘটৰ কাৰ্যসূচী সমগ্ৰ ভাৰততে সংগঠিত কৰা হৈছিল। কৰ্মচাৰীক হাৰাশাস্তি কৰা বন্ধ কৰক আৰু পৰ্যাপ্ত শ্ৰম-শক্তি নিয়োগ কৰক কাৰণ আমি কম মানুহেৰে কাম কৰি আছোঁ।’ এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ উপ সভাপতি সঞ্জীৱ ভট্টাচাৰ্যই এইদৰে কয়। ভাৰতৰ ৰেলৱেত ৪০ শতাংশ শ্ৰম-শক্তি কম হৈ আছে আৰু প্ৰতি বিকল্প সপ্তাহত এখনকৈ নতুনকৈ ৰেলগাড়ী প্ৰৱৰ্তন কৰা হৈ আছে যাৰ বাবে কৰ্মচাৰীসকলৰ ওপৰত চাপ ক্ৰমে বৃদ্ধি হৈ আহিছে বুলি তেওঁ অভিযোগ কৰে।

মঙলবাৰে পুৱা ৯-০০ বজাত এন এফ ৰেলৱেৰ মজদুৰ ইউনিয়নে হাতত প্লেকাৰ্ড লৈ আৰু শ্লোগানেৰে তেওঁলোকৰ নায্য দাবী মানি লোৱাৰ দাবীত অনশন আৰম্ভ কৰে। এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক পৰেশ হাজৰিকাই ডিব্ৰুগড়ৰ গোচিং ডিপোলৈ অনতিপলমে এটা গাড়ী যাব পৰা পথ নিৰ্মাণ কৰাৰ দাবী জনায়। হাজৰিকাই আৰু কয় যে এছকৰ্টং ডিউটিৰ  বাবে পৰ্যাপ্ত প্ৰশিক্ষিত কৰ্মচাৰী নিয়োগ কৰা আৰু তেওঁলোকক অতিৰিক্ত কামৰ ভাত্তা প্ৰদান কৰাৰ বাবে দাবী জনায়।

ইউনিয়নে যাত্ৰীসকলৰ নিৰাপত্তাৰ সৈতে ধেমালি কৰিবলৈ মানা কৰি কৈছে যে কম শ্ৰম-শক্তিৰ হেতুকে ৰেলগাড়ীসমূহ সঠিককৈ পৰীক্ষা কৰাত অসুবিধা পাই অহা হৈছে।