মণিপুৰত বিভিন্নটা সম্প্ৰদায়ৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক আৰু তাৰ ফলত সৃষ্ট জটিল পৰিস্থিতিৰ অৱসান বিচাৰিলে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে। ১১ ডিচেম্বৰত চুৰাচন্দপুৰত কুকি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বীৰেন সিঙে ইয়াৰ বাবে আহ্বান জনাইছে। তেওঁ নিজৰ ভাষণত কয়, ‘অতীতত কৰি অহা ভুলবোৰ পাহৰি আমি সকলোৱে একতা আৰু সমিলমিলেৰে কাম কৰি যাব লাগিব ৰাজ্য আৰু দেশৰ উন্নতিৰ বাবে।’ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মণিপুৰৰ ৰাজনীতিত সম্প্ৰদায় ভিত্তিত নেতা নিৰ্বাচিত হৈ আহিছে আৰু এই বিষয়টোত মণিপুৰৰ জনসাধাৰণে অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে। মুখ্য মন্ত্ৰীজনে কয় যে সম্প্ৰদায় ভিত্তিক ৰাজনীতি বন্ধ কৰিব লাগে আৰু ই আমাৰ মাজত বিভাজন আনে। কথাৰ প্ৰসংগত বীৰেন সিঙে সকলোকে উদ্দ্যেশি কোনো সম্প্ৰদায়ৰ মাজত ভেদাভেদ নাৰাখি সমূহীয়াকৈ কঠোৰ পৰিশ্ৰমৰ মাজেৰে শিশু আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যৎ উন্নতি সাধন কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি তেওঁ কয় যে এনে পৰিপ্ৰেক্ষিতত সকলোৱে মিলি এটা নতুন পৰিবেশৰ সূচনা কৰিব লাগিব য’ত সকলোৱে ভয়হীনভাৱে শান্তি আৰু সম্প্ৰীতিৰ মাজেৰে জীয়াই থাকিব পাৰিব।
তদুপৰি চৰকাৰৰ আঁচনিৰ বিষয়ে বক্তব্য আগবঢ়াই মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে খুব খৰ গতিৰে ৰাজ্যৰ বাট-পথ সমূহৰ মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য খণ্ডৰ বিকাশৰ ওপৰতো অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। ইয়াৰ ওপৰি তেওঁ চিকিৎসা বিদ্যালয় এখন স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে। আনহাতে তেওঁ চুৰাচন্দৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য কৰি কয় যে বৰ্তমান শিক্ষা ব্যৱস্থাটো এক চিন্তাৰ বিষয় হৈ পৰিছে আৰু সকলোৱে সমূহীয়া প্ৰচেষ্টাৰে শিক্ষা ব্যৱস্থাটোক আগুৱাই নিব লাগিব। তেতিয়াহে চুৰাচন্দৰ সুপ্ত প্ৰতিভা সমূহ বিকাশ হোৱাত সহায়ক হ’ব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।
কালিৰ অনুষ্ঠানটোত মুখ্য মন্ত্ৰীজনৰ সৈতে মণিপুৰ চৰকাৰৰ কৃষি মন্ত্ৰী ভি হাংখানলিয়ান, সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপগেন, পুনৰ নৱীকৰণযোগ্য শক্তি বিকাশ প্ৰাধিকৰণৰ সভাপতি জি এছ হাওপো আৰু পৰ্বতীয়া এলেকা কমিটীৰ সভাপতি টি টি হাওকিপ উপস্থিত আছিল বুলি জানিব পৰা গৈছে। সভাত মুখ্য মন্ত্ৰীজনে কুকি ছাত্ৰ সংগঠন চমুকৈ কে এছ অ’ ক প্ৰশংসা কৰি কয় যে এই সংগঠনটোৱে বৰ্তমান ৫০ টা বছৰ অতিক্ৰম কৰি প্ৰশংসনীয় কাম কৰিছে। ভৱিষ্যতে আৰু অধিক উন্নত প্ৰদৰ্শন তথা সমাজলৈ ব্যাপক অৰিহণা আগবঢ়াই এক উদাহৰণ হৈ পৰিব বুলি মণিপুৰৰ মুখ্য মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে।
নিজৰ বক্তব্যত তেওঁ নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ বিষয়েও কিছু কথা মত আগ বঢায়। মণিপুৰৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি লক্ষ্য ৰাখি এই চুক্তি স্বাক্ষৰিত কৰা হ’ব বুলি মণিপুৰবাসীক আশ্বাস প্ৰদান কৰে। বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে মণিপুৰবাসীৰ সন্মতি অবিহনে কেন্দ্ৰই এই ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে।