আজি সম্প্ৰসাৰণ কৰা সোণোৱাল মন্ত্ৰীসভাৰ অলপ সময়ৰ পূৰ্বে দপ্তৰ বিতৰণ কৰা হয়। নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৭জন মন্ত্ৰীলৈ দপ্তৰ দিয়াৰ লগতে পূৰ্বৰ মন্ত্ৰীসকলৰ হাতত থকা বিভাগৰো কিছু সালসলনি হয়।
চৰকাৰৰ সূত্ৰৰ পৰা গম পোৱা মতে, গুৰুত্বপূৰ্ণ শিক্ষা বিভাগটো দিয়া হৈছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক। এই বিভাগটো পূৰ্বে ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছিল। আনহাতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা আন দুটা গুৰুত্বপূৰ্ণ বিভাগ বিত্ত আৰু স্বাস্থ্য এতিয়াও মন্ত্ৰীজনৰ হাততে আছে।
নতুন মন্ত্ৰীসকলৰ ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ উপৰি পৰিমল শুক্লবৈদ্যই বন আৰু পৰিৱেশ বিভাগটোৰ লগতে মীন আৰু আবকাৰী বিভাগো লাভ কৰিছে। বন বিভাগটো ইয়াৰ পূৰ্বে বি পি এফৰ প্ৰমীলাৰাণী ব্ৰহ্মৰ হাতত আছিল। ডিফুৰ বিধায়ক ছুম ৰংহাঙৰ ভাগত পৰিছে পাৰ্বত্য উন্নয়ন আৰু খনি আৰু খনিজাত দ্ৰব্য। সেইদৰে নতুন মন্ত্ৰী অগপৰ ফণীভূণষ চৌধুৰীৰ হাতত পৰিছে খাদ্য আৰু অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা, পেন্সন আৰু ৰাজহুৱা অভিযোগ।
বি পি এফৰ বিধায়ক চন্দন ব্ৰহ্মই পাইছে পৰ্য্যটন, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই পাইছে জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (ৰাজ্যিক) বিভাগ। আছু ত্যাগ কৰি নতুনকৈ বিজেপিত যোগদান কৰা সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈয়ে লাভ কৰিছে শক্তি (স্বতন্ত্ৰ), গড়কাপ্তানী (ৰাজ্যিক)। তাৰোপৰি বিসম্বাদেৰে কংগ্ৰেছ এৰি হিমন্ত বিশ্বৰ সৈতে বিজেপিত একেলগে যোগদান কৰা জাগীৰোড সমষ্টিৰ পীযুষ হাজৰিকাই পাইছে নগৰ উন্নয়ন (স্বতন্ত্ৰ) আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ (ৰাজ্যিক) মন্ত্ৰিত্ব।
মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকাখন এনে ধৰণৰ :-
সৰ্বানন্দ সোণোৱাল
মু্খ্য মন্ত্ৰী, গৃহ, ৰাজনৈতিক, কৰ্মচাৰী, সাধাৰণ প্ৰশাসন, সচিবালয় প্ৰশাসন, অসম চুক্তি ৰূপায়ণ, প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ, নিৰ্বাচন, তথ্য আৰু জনসংযোগ, সীমান্ত অঞ্চল উন্নয়ন, ক্ৰীড়া আৰু যুৱ কল্যাণ, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আৰু আন মন্ত্ৰীৰ হাতত নথকা সকলো দপ্তৰ।
ড০ হিমন্ত বিশ্ব শৰ্মা
বিত্ত, গড়কাপ্তানী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ট্ৰেন্সফৰ্মেইশ্যন এণ্ড ডেভলপমেণ্ট।
অতুল বৰা
কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন, নগৰ আৰু পয়ঃ প্ৰণালী উন্নয়ন।
প্ৰমীলাৰাণী ব্ৰহ্ম
সমাজ কল্যাণ, ভূমি সংৰক্ষণ।
কেশৱ মহন্ত
জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, সাংস্কৃতিক পৰিক্ৰমা (পুথিভঁৰাল আৰু পুৰাতত্ত্ব)।
পৰিমল শুক্লবৈদ্য
বন আৰু পৰিৱেশ, মীন আৰু আবকাৰী।
ৰঞ্জিত দত্ত
হস্ততাঁত আৰু বস্ত্ৰশিল্প, সংখ্যালঘু উন্নয়ন।
চন্দ্ৰমোহন পাটোৱাৰী
উদ্যোগ আৰু বাণিজ্য, পৰিবহণ, সংসদীয় পৰিক্ৰমা, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, দক্ষতা বিকাশ আৰু নিয়োগ
সিদ্ধাৰ্থ ভট্টাচাৰ্য
শিক্ষা (উচ্চ, মাধ্যমিক আৰু প্ৰাথমিক), গুৱাহাটী উন্নয়ন, আইন আৰু ন্যায়।
ছুম ৰংহাং
পাৰ্বত্য উন্নয়ন আৰু খনি আৰু খনিজাত দ্ৰব্য।
ফণীভূষণ চৌধুৰী
খাদ্য আৰু অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা, পেন্সন আৰু ৰাজহুৱা অভিযোগ।
চন্দন ব্ৰহ্ম
পৰ্যটন, ভৈয়াম জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ।
ৰিহণ দৈমাৰী
জনস্বাস্থ্য কাৰিকৰী আৰু সমবায়।
নৱ কুমাৰ দলে
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (স্বতন্ত্ৰ), সাংস্কৃতিক পৰিক্ৰমা (স্বতন্ত্ৰ)
(পুথিভঁৰাল আৰু পুৰাতত্ত্বৰ বাহিৰে), বন আৰু পৰিৱেশ (ৰাজ্যিক)।
পল্লৱলোচন দাস
শ্ৰম আৰু নিয়োগ (স্বতন্ত্ৰ), চাহ জনজাতিৰ কল্যাণ (স্বতন্ত্ৰ), শিক্ষা (ৰাজ্যিক)।
ভৱেশ কলিতা
জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (ৰাজ্যিক)।
তপন কুমাৰ গগৈ
শক্তি (স্বতন্ত্ৰ), গড়কাপ্তানী (ৰাজ্যিক)।
পীয়ূষ হাজৰিকা
নগৰ উন্নয়ন, (পয়ঃপ্ৰণালী পৰিকল্পনাৰ বাহিৰে) (স্বতন্ত্ৰ), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ (ৰাজ্যিক)।