সর্বাধিক আন্তৰ্জাতিক পৰ্যটকৰ আগমনেৰে বিশ্ব পৰ্যটনৰ মানচিত্ৰত উজলিল ভূটান

banner-570x320

সৰ্বাধিক আন্তৰ্জাতিক পৰ্যাটকৰ পদধুলি পৰা দেশ হিচাপে বিশ্ব পৰ্যাটনৰ মানচিত্ৰত উজলি উঠিছে হিমালয়ৰ পাদদেশত অৱস্থিত দেশ ভুটান। ভুটানৰ পৰ্যটন নিৰীক্ষণ-২০১৭ৰ (Bhutan Tourism Monitor, 2017) উদ্ধৃতিৰে এই তথ্য প্ৰকাশ কৰিছে ভুটানৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কুৱেনছেলে ( Kuensel)। কুৱেনছেল সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিৱেদন অনুসৰি, যোৱা বছৰ ৬২,২৭২ গৰাকী বিদেশী পৰ্যটকে ভুটান ভ্ৰমণ কৰিছিল।

প্ৰতিৱেদনটো অনুসৰি, ২০১৬ৰ তুলনাত ২০১৭ চনত ভুটান ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা ১৪.১ শতাংশ বৃদ্ধি পাইছে।

৭১,৪১৭ গৰাকী আন্তৰ্জাতিক পৰ্যটকৰ ভিতৰত ৯,১৪৫ গৰাকীয়ে আনুষ্ঠানিক আৰু ব্যৱসায়িক কাৰণত ভ্ৰমণ কৰিছিল বুলি প্ৰতিৱেদনটোত আৰু কোৱা হৈছে।

যোৱা বছৰ মুঠ ২৫৪,৭০৪ গৰাকী পৰ্যটকে ভুটান ভ্ৰমণ কৰিছিল। তাৰ ভিতৰত ১৮৩,২৮৭ গৰাকী আছিল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু মালদ্বীপৰ।

ভুটানত ২০১৭ চনত ২১.৫ শতাংশ অধিক পৰ্যটক অহাৰ বিপৰীতে ২০১৬ চনত বিগত ৫ বছৰৰ মুঠ পৰ্যটকৰ ৩৫ শতংশ  বৃদ্ধি ঘটিছিল।

প্ৰতিৱেদন অনুসৰি, অৱসৰ বিনোদনৰ বাবে অহা আন্তৰ্জাতিক পৰ্যটকৰ পৰা হোৱা উপাৰ্জনৰ পৰিমাণ ২০১৬ চনৰ ৭৩.৭৪ মিলিয়ন ডলাৰৰ পৰা ২০১৭ চনত ৬.০৭ মিলিয়ন ডলাৰ বৃদ্ধি হৈ ৭৯.৮০৭ মিলিয়ন ডলাৰ হৈছিলগৈ। এই বৃদ্ধিৰ শতকাৰা হাৰ হৈছে ৮.২ শতাংশ।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ভুটান ভ্ৰমণ কৰা পৰ্যটনৰ ভিতৰত ৫৯.১ শতাংশ হৈছে মহিলা আৰু অধিক সংখ্যক পৰ্যটক ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰুৱা।

এই ক্ষেত্ৰত ভাৰত হৈছে ভুটানৰ পৰ্যটন বজাৰৰ মুল উৎস। ভাৰতৰ পৰা ভুটানলৈ ১৭২,৭৫১ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিছে। বাংলাদেশৰ পৰা ১০,৫৩৬ গৰাকী আৰু আমেৰিকাৰ পৰা ৯,২২০ গৰাকী পৰ্যটকে ভুটান ভ্ৰমণ কৰিছিল।