‘সহায় ৰক্তদান অসম’ৰ উদ্যোগত নগাঁৱত ৰক্তদান শিবিৰ : বিধায়ক, বিশিষ্ট ব্যক্তি,ছাত্ৰ-ছাত্ৰীৰ ৰক্তদান

blood donation nagaon

স্বেচ্ছাসেৱী সংগঠন ‘সহায় ৰক্তদান অসম’, ৰক্তদান ইণ্ডিয়া আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত শনিবাৰে নগাঁৱৰ বেপ্টিষ্ট কনভেনচনৰ জুবিলী ট্ৰেইনিং হলত এখনি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “সহায় ৰক্তদান অসম”ৰ প্ৰতিষ্ঠা দিৱস আৰু বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি এই শিবিৰৰ আয়োজন কৰা হয়।

পুৱাৰ ভাগত সংগঠনটোৰ পতাকা উত্তোলন কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কাউন্সিলৰ ৰিংকু দত্তই। তেখেতৰ চমু ভাষণত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু এনে স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ যে অকল চহৰ অঞ্চলতেই নহয় দাঁতিকাষৰীয়া অঞ্চলটো অনুষ্ঠিত হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰে।

ইয়াৰ পিছতে ৰক্তদান শিবিৰ মুকলি কৰে ‘সহায় ৰক্তদান অসম’ৰ  প্ৰশান্ত ফুকনে। ৰক্তদানৰ দৰে মহান দান আৰু নিঃস্বাৰ্থভাৱে সমাজৰ হিতৰ বাবে ব্ৰতী সংগঠনটোৰ উদ্দেশ্যৰ লগতে শিবিৰটোত উপস্থিত সকলোকে সহযোগিতাৰ বাবে তেওঁ ধন্যবাদ জনায়।

জিলা বন বিষয়া শুভাষীস দাস আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা স্মৰজিত ওজাই প্ৰথমতেই ৰক্তদান কৰি ৰক্তদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে, ৰক্তদানৰ উদ্দেশ্যৰেই এই শিবিৰত উপস্থিত হৈ এই মহান দানৰ অংশীদাৰ হয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।

শেহতীয়াকৈ কাৰ্বি আংলঙৰ ডকমকাত অতি নৃশংসভাৱে মৃত্যু বৰণ কৰা শিল্পী নিলোৎপল নাথ আৰু এগৰাকী নিয়মীয়া ৰক্তদাতা অভিজিত দাসৰ স্মৃতিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে বিধায়কগৰাকীয়ে। উঠি অহা প্ৰজন্মৰ সমাজ বিৰোধী অমানৱীয় ক্ৰিয়া কলাপৰ বিপৰীতে নগাঁৱৰ যুৱ প্ৰজন্মৰ এনে উৎসাহজনক মানৱীয় প্ৰমূল্যবোধৰ বাবে তেখেতে উপস্থিত সকলোৰে ভূয়সী প্ৰসংশা কৰে।

সহায় ৰক্তদান অসমৰ সম্পাদক আৰু প্ৰতিস্থাপক তথা নগাঁও জিলাৰ সক্ৰিয় সদস্য নৌমান ইছলাম প্ৰমুখ্যে সকলোৰে পূৰ্ণ সহযোগত এই ৰক্তদান শিবিৰত গৰিষ্ঠসংখ্যক ৰুক্তদাতাই ৰক্তদান কৰে। কেইবাজনো জ্যেষ্ঠ ৰক্তদাতাৰ উপৰি চহৰখনৰ ভালেকেইখন মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ- ছাত্ৰীয়ে ৰক্তদান কৰি শিবিৰটো সফল কৰি তোলে।