সাংগঠনিক স্থিতি মজবুত কৰাৰ বিপৰীতে যুৱ কংগ্ৰেছৰ নিৰ্বাচনক লৈ তৎপৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা

কংগ্ৰেছ

বিগত বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনত বিধ্বস্ত হৈ পৰা কংগ্ৰেছ দলটোৱে আগন্তুক নিৰ্বাচনসমূহৰ বাবে ককাঁলত টঙালি বান্ধি সাজু হৈছে যদিও দলটোৰ ভিতৰত চলি থকা আভ্যন্তৰীণ ক্ষমতাকেন্দ্ৰিক সংঘাতৰ ফলত দলটোৱে এতিয়াও লক্ষ্য নিৰ্দ্ধাৰণত সফল হ’ব পৰা নাই।

আনহাতে, আগন্তুক যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ বাবে  প্রদেশ কংগ্রেছৰ কেইবাজনো জ্যেষ্ঠ নেতা, বিধায়ক ব্যস্ত হৈ পৰিছে। নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেই এইসকল নেতাই এইদৰে সক্রিয় হৈ পৰিছে।

যুৱ কংগ্রেছৰ সভাপতিকে ধৰি বিভিন্ন পদত নিজৰ পচন্দৰ প্রার্থীক বিজয়ী কৰাবলৈ একাংশ জ্যেষ্ঠ নেতা, প্রাক্তন মন্ত্রী, বিধায়কে সৰ্বশক্তি প্রয়োগ কৰাৰ বাবে তৎপৰ হৈ উঠিছে। কিন্তু এই জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে সদস্যভর্তি অভিযানত কোনো প্ৰচেষ্টা নচলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

সদস্যভর্তিৰ বিষয়টোক গুৰুত্ব দিয়াৰ বিপৰীতে এতিয়া ৰাজনৈতিক প্রভাৱ খটুৱাই নিজৰ পচন্দৰ প্রার্থীক জয়ী কৰাবলৈ ব্যস্ত হৈ পৰা এই নেতাসকলৰ কৰ্ম কাণ্ডক লৈ ৰাজীৱ ভৱনত প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

নিৰ্বাচনৰ বাবে প্ৰস্তুত হোৱা একাংশ প্রার্থীৰ নিজ নিজ সমষ্টিতো আনকি আশ্চৰ্যজনকভাৱে যুৱ কংগ্রেছৰ সদস্য ভর্তিৰ সংখ্যা পুতৌ লগা ধৰণৰ। দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে এইসকলৰ কোনো গুৰুত্ব দেখা পোৱা নগ’ল।

দলৰ জ্যেষ্ঠ নেতা তথা প্রার্থীসকলৰ এই দায়িত্বজ্ঞানহীনতাৰ বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে। সদস্য ভর্তিৰ বাবে এ আই চি চিয়ে দিয়া নির্দেশক গুৰুত্ব নিদি কেৱল ৰাজনৈতিক ক্ষমতাৰ বাবে তৎপৰ হৈ পৰা এই নেতাসকলে যুৱ কংগ্রেছৰ নির্বাচনত উবুৰি খাই পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে বিৰোধী দলপতি দেবব্রত শইকীয়াৰ সমষ্টি নাজিৰাত যুৱ কংগ্রেছৰ সদস্য ভর্তিৰ সংখ্যা হৈছে মাত্র ৩৬২গৰাকী। আনহাতে, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত সদস্য ভর্তিৰ সংখ্যা মাত্র ২৮০০গৰাকী।

একেদৰে যুৱ কংগ্রেছৰ সভাপতি পদৰ প্রার্থী জিতু গগৈৰ গৃহ সমষ্টি ডুমডুমাত সদস্যভর্তি হৈছে মাত্র ১৯০গৰাকী। আন এজন প্রার্থী প্রণৱ কলিতাৰ গৃহ সমষ্টি পলাশবাৰীত সদস্য ভর্তি হৈছে মাত্র ৩৪৮গৰাকী।

যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ জৰিয়তে ৰাজ্যখনত বৃহৎ সংখ্যাত সদস্য ভৰ্তিৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰাটো দলটোৰ বাবে পৰিতাপৰ বিষয় হৈ পৰিছে। দলৰ সভাপতি ৰিপুন বৰায়ো এইক্ষেত্ৰত নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

ক্ষমতাৰ ৰাজনীতিত টিকি থাকিবলৈ সাংগঠনিক ভেটি মজবুত কৰাটো যে প্ৰাথমিক কাম আৰু সেই কামটোতে দলৰ একাংশ ক্ষমতাকাংক্ষী নেতাই গুৰুত্ব নিদিয়াত দলৰ শীৰ্ষ নেতৃত্ব ক্ষুব্ধ হৈ পৰিছে।